ETV Bharat / state

Body recovered in Karbi Anglong: পশ্চিম কাৰ্বি আংলঙৰ জংঘলৰ পৰা উদ্ধাৰ এটা মৃতদেহ

author img

By

Published : Nov 18, 2022, 10:36 PM IST

পশ্চিম কাৰ্বি আংলঙত উদ্ধাৰ মৃতদেহ (Body recovered in Karbi Anglong) ৷ উদ্ধাৰ হোৱা মৃতদেহটো ৫ নম্বৰ নৱাইবিলৰ মহেশ চৌহানৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।

Body found in west Karbi Anglong
জংঘলৰ পৰা উদ্ধাৰ এটা মৃতদেহ

ডিফু,১৮ নৱেম্বৰ: পশ্চিম কাৰ্বি আংলঙৰ নৱাই বিলত চাঞ্চল্যকৰ ঘটনা । খেৰণি থানা তথা মাইলু উপ-আৰক্ষী চকীৰ অন্তৰ্গত নৱাইবিলত উদ্ধাৰ এজন ৫০ বছৰীয়া ব্যক্তিৰ মৃতদেহ (Body found in Karbi Anglong)। উদ্ধাৰ হোৱা মৃতদেহটো ৫ নম্বৰ নৱাইবিলৰ মহেশ চৌহানৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।

লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । সমান্তৰালকৈ মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে মৃত মহেশৰ জ্যেষ্ঠ ভাতৃয়ে ।

উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত খৰি লুৰুকিবলৈ যোৱা এজন লোকে জংঘলৰ মাজত মৃতদেহটো প্ৰত্যক্ষ কৰিছিল । ভয়ত লৰালৰিকৈ গাঁৱলৈ উভতি আহি প্রত্যক্ষদৰ্শী লোকজনে ঘটনা সন্দৰ্ভত গাওঁবাসীক অৱগত কৰে আৰু আৰক্ষীকো খবৰ দিয়ে ।

খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে গাওঁবাসীও উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । পৰিয়ালবৰ্গই জানিব দিয়া অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত মহেশ চৌহানে লামচাখাঙ বজাৰত বজাৰ কৰিবলৈ গৈছিল ৷ কিন্তু তাৰ পাছত ঘৰলৈ উভতি অহা নাছিল মহেশ ।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গাওঁবাসীক সোধা-পোছা কৰাৰ উপৰিও ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব লোকজনৰ মৃত্যুৰ ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক: Dead body recovered: নাহৰকটীয়াত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.