ETV Bharat / state

ওদালগুৰিত সলিল সমাধি যুৱকৰ

author img

By

Published : Aug 9, 2019, 2:35 AM IST

ভনীয়েকৰ ঘৰত আলহী খাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় যুৱকজনে ৷

ওদালগুৰিত সলিল সমাধি যুৱকৰ
  • ওদালগুৰিৰ বদুৰাহাবিত পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ
  • মৃত যুৱকজন বৰঙাবাৰীৰ অৰুণ বড়ো বুলি চিনাক্ত
  • ভনীয়েকৰ ঘৰত আলহী খাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় যুৱকজনে
  • বুধবাৰে সন্ধিয়া যুৱকজনে প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি আলহী ঘৰৰ সমীপৰ এটা পুখুৰীত গা ধুবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা
  • বুধবাৰে স্থানীয় লোকে যুৱকজনক উদ্ধাৰৰ চেষ্টা কৰি বিফল হোৱাত বৃহস্পতিবাৰে পুখুৰীটোৰ পানী সিঁচি উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ

Intro:ওদালগুৰিৰ বদুৰাহাবিত পুখুৰীত গা ধুবলৈ গৈ যুৱকৰ সলিল সমাধি৷

মৃত যুৱক জন বৰঙাবাৰীৰ অৰুন বড়ো বুলি জানিব পৰা গৈছে।

বুধবাৰে সন্ধিয়া যুৱক জনে প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি আলহী ঘৰৰ সমীপৰ এটা পুখুৰীত গা ধূব যায় গৈ পানীত ডুব গৈছিল যুৱক জন।

বুধবাৰে স্থানীয় লোকে যুৱক জনক উদ্ধাৰৰ চেষ্টা কৰি বিফল হোৱাত আজি পুখুৰীটো সিচি যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় লোকে

Body: ওদালগুৰি জিলাৰ ভেৰগাৱঁ মহকুমাৰ অন্তৰ্গত বদুৰাহাবিত নিজৰ ভনীয়েকৰ ঘৰত আলহী খাবলৈ
কৰুণ মৃত্যুক সাবতি ললে এজন যুৱকে। মৃত যুৱক জন বৰঙাবাৰীৰ অৰুন বড়ো বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে বুধবাৰে সন্ধিয়া যুৱক জনে প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি আলহী ঘৰৰ সমীপৰ এটা পুখুৰীত গা ধূব যায়। কিন্তু গা ধুই পুখুৰীৰ মাজত সাতুৰি থাকোতেই হঠাৎ যুৱক জনে পানীত ডুবি যোৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। বুধবাৰে স্থানীয় লোকে যুৱক জনক উদ্ধাৰৰ চেষ্টা কৰি বিফল হোৱাত আজি পুখুৰীটো সিচি যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰে। পিছত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যুৱজ জনক মৃত্যুত এতিকে শোকাকূল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.