ওডালগুৰি,30মাৰ্চঃ ওদালগুৰি বন্ধ্যাকৰণ শিৱিৰত অস্ত্ৰোপচাৰৰ পাচত মহিলাৰ মৃত্যু ৷ মৃতদেহ লৈ নোনাইপাৰা চাহ বাগিছাত মহিলাগৰাকীৰ মৃতদেহ লৈ প্ৰতিবাদ ৰাইজৰ ৷
শুকুৰবাৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত বন্ধ্যাকৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল নোনাইপাৰা চাহ বাগিছাত । সেই মৰ্মে বাগিছাখনৰ শতাধিক মহিলা বন্ধ্যাকৰণৰ বাবে গৈছিল শিবিৰটোলৈ। প্ৰথম তিনিটা অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱাৰ পিছত চতুৰ্থটো অস্ত্ৰোপচাৰ কৰা হৈছিল দুই সন্তানৰ মাতৃ হেলেনা নাগক। কিন্তু অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে অচেতন হৈ পৰে হেলেনা নাগ। ইয়াৰ পাচতে হেলেনা নাগক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও হেলেনা নাগৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। এই ঘটনাৰ পাচতে শনিবাৰে উত্তপ্ত হৈ পৰে বাগিছাখনৰ চৌহদ। হেলেনা নাগৰ মৃতদেহ লৈ বাগিছাখনৰ চিকিৎসালয়ৰ সন্মুখত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদী সকলে হিমন্ত বিশ্ব মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে ওচৰত উন্নত মানৰ চিকিৎসালয় নথকা ঠাইত কিয় এনেধৰণৰ অস্ত্ৰোপচাৰ শিবিৰৰ আয়োজন কৰিলে তাক লৈও প্ৰশ্ন উত্থাপন কৰে। প্ৰতিবাদী ৰাইজে এই সমষ্ট ঘটনাৰ বাবে চৰকাৰ আৰু বাগিছা কৰ্তৃপক্ষক জগৰীয়া কৰাৰ লগতে অস্ত্ৰোপচাৰত জড়িত চিকিৎসক নাৰ্ছকো নিলম্বনৰ দাবী উত্থাপন কৰে ।