ওদালগুৰি, 17 আগষ্টঃ ওদালগুৰি জিলাত অব্যাহত আছে হস্তী -মানুহৰ সংঘাত ৷ শনিবাৰে জিলা খনৰ হৰিশিঙা থানাৰ অন্তৰ্গত মাজুলী চাহ বাগিছাত বন্য হস্তীৰ আক্ৰমণত মৃত্যু হ'ল কাইলা কাচুৱা নামৰ এজন লোকৰ ৷ জানিব পৰা মতে , নিশা প্ৰায় 2 বজাত এটা বনৰীয়া হাতীয়ে বাগিছা খনত প্ৰৱেশ কৰি 5 টা বাসগৃহ আৰু এখন দোকান ভাঙি ধ্বংস কৰে ৷ এনে পৰিস্থিতিত গাঁওখনৰ একাংশই আতংকিত হৈ পলায়ন কৰে আৰু আন একাংশই হাতীটো খেদিবলৈ চেষ্টা কৰে । ঠিক তেনে সময়তে নিজ গৃহৰ পৰা ওলাই অহা কাইলা কাচুৱা নামৰ লোক জনক হাতীয়ে আক্ৰমণ কৰাত ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ ৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পাছতো বন বিভাগৰ কোনো লোক ঘটনা স্থলীত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ।
উল্লেখ্য যে, জিলা খনত দিনক দিনে হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও এই সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ ।