ETV Bharat / state

হাগ্ৰামা মহিলাৰী বিটিচিবাসীৰ বাবে অতীতঃ প্ৰমোদ বড়ো

author img

By

Published : Oct 16, 2020, 4:51 PM IST

গুদালগুৰিত UPPLৰ সাংগঠনিক সভা আয়োজন ৷ সভাত হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা UPPL ৰ সভাপতি প্ৰমোদ বড়োৰ ৷

UPPL Presedent Promod Boro reaction On Upcoming BTC Election
হাগ্ৰামা মহিলাৰী বিটিচিবাসীৰ বাবে অতীতঃ প্ৰমোদ বড়ো

দৰং, 16 অক্টোবৰ : সমাগত ডিচেম্বৰ মাহত বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰাৰ পিচতেই বিভিন্ন ৰাজনৈতিক দলৰ মাজত ব্যাপক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে । শুকুৰবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ গেৰুৱাত UPPL দলৰ এখন সাংগঠনিক সভাত প্ৰমোদ বড়োৱে অংশ গ্ৰহন কৰি হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলক কঠোৰ সমালোচনা কৰি কয় যে, 17 বছৰে বিটিচিৰ চীফ হিচাপে শাসন কৰা বাবে সেই ভূত তেওঁৰ মনৰ পৰা এতিয়াও যোৱা নাই বাবেই আগন্তক দিনত তেওঁ বিটিচিৰ চীফ হ'ব বুলি কৈ ফুৰিছে । কিন্তু হাগ্ৰামা মহিলাৰী এতিয়া বিটিচিবাসীৰ বাবে অতীত বুলি উল্লেখ কৰে ।

UPPl ৰ সভাপতি প্ৰমোদ বড়োৰ মন্তব্য

লগতে পঢ়ক : অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ

আনহাতে, বিটিচিত ভাৰত চৰকাৰ, অসম চৰকাৰ কিম্বা বিটিচি চৰকাৰখনে জাতি-জনগোষ্ঠীৰ সমস্যা আৰু ঠাইখনৰ কোনো উন্নয়ন নকৰিলে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । গতিকে, আগন্তুক নিৰ্বাচনত উন্নয়ন আৰু পৰিবৰ্তনৰ স্বাৰ্থত ৰাইজে UPPL দলক ভোট দিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে UPPL ৰ সভাপতি প্ৰমোদ বড়োয়ে ।

লগতে পঢ়ক : দক্ষিণ শালমাৰাত আৰক্ষীৰ জালত চোৰাং গৰুসহ এখন নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.