ETV Bharat / state

Educational renaissance in BTR: অশান্তি আঁতৰাই শিক্ষাৰ দিশত উজলি উঠিছে বিটিআৰ; প্ৰমোদ বড়ো - Pramod Boro on BRT development

বিশ্ব পৰিবেশ দিৱসৰ দিনা বিটিআৰত কেইবাটাও অনুষ্ঠানত অংশ ল’লে প্ৰমোদ বড়োৱে ৷ নিজৰ বক্তব্যত ইউ পি পি এলৰ দিনত শিক্ষাখণ্ডত ব্যাপক পৰিৱৰ্তন হোৱা বুলি দাবী বিটিচি প্ৰধানগৰাকীৰ (Pramod Boro on BRT development) ৷

Educational renaissance in BTR
Educational renaissance in BTR
author img

By

Published : Jun 5, 2023, 6:38 PM IST

বিশ্ব পৰিবেশ দিৱসৰ অনুষ্ঠানত প্ৰমোদ বড়ো

ৰৌতা, 5 জুন: ‘‘বিপিএফৰ 17 বছৰীয়া সূতা-কম্বলৰ ৰাজনীতিৰ পৰিৱৰ্তে শিক্ষা আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে ইউ পি পি এল নেতৃত্বাধীন বিটিচি চৰকাৰে । অশান্ত পৰিবেশৰ পৰা আহি আজি শিক্ষাৰ দিশত উজলি উঠিছে বিটিচি অঞ্চল । সদ্য ঘোষিত হাইস্কুল‌ শিক্ষান্ত পৰীক্ষাত এইবেলি অসমৰ ভিতৰতে উত্তীৰ্ণৰ হাৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বিটিচিৰ অধীনৰ জিলাই ।’’ এই দাবী বিটিচি প্ৰধান প্ৰমোদ বড়োৰ (Educational renaissance in BTR) ৷

সোমবাৰে কেইবাটাও অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷ তেওঁ কয়, ‘‘আগন্তুক বোৰ্ড পৰীক্ষা সমূহত শীৰ্ষ দহত স্থান পাবলৈ সক্ষম হ’ব বিটিচিৰ চাৰিখন জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে । বিটিচিত জ্ঞান চৰাং আঁচনিৰ জৰিয়তে বছৰি 9200 দুখীয়া ছাত্ৰ-ছাত্ৰীক জলপানি দি আহিছে চৰকাৰে । আগন্তুক দিনত আৰু অধিক ছাত্ৰ-ছাত্ৰীক এই জলপানি দিয়াৰ পৰিকল্পনা আছে বিটিআৰ চৰকাৰৰ ।’’ (Educational Schemes in BTR)

তেওঁ আৰু কয় যে, অনচাই বিথাংকি আঁচনিৰ জৰিয়তে দুখীয়া মহিলা সকলক আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে ইউ পি পি এল চৰকাৰে । সোমবাৰে পুৱা 10 বজাত ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত গছপুলি ৰোপনেৰে কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে প্ৰমোদ বড়োৱে ৷ সমান্তৰালকৈ মাজবাট মহাবিদ্যালয়, বড়োবজাৰ, নলবাৰী আদিতো বহু কেইখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভণ কৰে বিটিচি প্ৰধানগৰাকীয়ে (Pramod Boro on BRT development) ৷

লগতে পঢ়ক: PM Kisan EKYC : কৃষকসকলে সোনকালে দাখিল কৰক পিএম কিষাণ ই-কেৱাইচি

উল্লেখ্য যে, বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিটিআৰৰ অধীনৰ কেইবাটাও স্থানত দিনজোৰা কাৰ্যসূচীৰে অংশ লয় বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷ তেওঁ নিজৰ বক্তব্যত বিটিচিত 17 বছৰে শাসনৰ বাঘজৰী ধৰি থকা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফক তীব্ৰ সমালোচনা কৰে ৷ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত ৰাজনৈতিক বাকযুদ্ধ প্ৰায়েই চলি থকা দেখা যায় (Pramod Boro slams Hagrama Mahilary) ৷

17 বছৰ বিটিচিৰ ৰাজপাটত বহি হাগ্ৰামাই কেৱল দুৰ্নীতি কৰাৰ বাহিৰে বড়ো ৰাইজৰ কোনো উন্নয়ন নকৰিলে বুলি প্ৰায়েই সমালোচনা কৰে প্ৰমোদ বড়োৱে ৷ ইফালে হাগ্ৰামা মহিলাৰীয়েও প্ৰমোদ বড়োৰ নেতৃত্বত বৰ্তমান বিটিআৰত কেৱল দুৰ্নীতি আৰু ছিণ্ডিকেটৰাজ চলি থকা বুলি সঘনাই দাবী কৰি আহিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.