ওদালগুৰি,20 চেপ্তেম্বৰঃ ৰাজ্যত হস্তী মানৱৰ ধাৰাবাহিক সংঘাতৰ মাজতে শুকুৰবাৰে পুৱতি নিশা ওদালগুৰিত পুনৰ মৃত্যুক সাৱটি ল'লে এটা বন্যহস্তীয়ে ৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৫নং ভূটীয়াচাঙত পুনৰ মৃত্যুক সাৱতি ললে এটা বন্য হস্তীয়ে । আজি পুৱা হাতীটোৰ মৃতদেহ পথাৰৰ মাজত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । পিছত এই সন্দৰ্ভত স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে । মৃত হাতীটোৰ বয়স ৫০ৰো অধিক হ'ব বুলি জানিব পৰা গৈছে ।

আনহাতে বন্যহস্তীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও হাতীটোৰ দেহৰ বিভিন্ন অংশত থকা আঘাতৰ চিনলৈ লক্ষ্য কৰি কীট পতংগই আক্ৰমণ কৰাৰ ফলতে পাৰ্শ্বক্ৰিয়া হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । উল্লেখ দীৰ্ঘ দিনৰ পৰা ওদালগুৰি জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত । বন্যহস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি বিভিন্ন সময়ত মানুহক আক্ৰমণ কৰাৰ লগতে বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ ঘটনা ঘটি আহিছে । বহুসময়ত মানুহৰ খেতি পথাৰো তহিলং কৰে বন্যহস্তীয়ে । এনেবোৰ কাৰণতে মানুহৰ আক্ৰমণৰো লক্ষ্য হৈ আহিছে বন্যহস্তী ৷ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে বহুলোকৰ ৷ একদৰে খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীকো হত্যা কৰি দাত আৰু শুৰ কাটি নিছে দুস্কৃতিকাৰীয়ে ৷

হাতী মানুহৰ সংঘাতে জুৰুলা কৰা এখন অন্যতম জিলা হিচাপে বিবেচিত হৈছে ওদালগুৰি জিলা ৷ কিয়নো ওদালগুৰি জিলাত চলিত বৰ্ষত এই পৰ্যন্ত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে 18 জনকৈ লোকৰ ৷ ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে হস্তী মানৱৰ সংঘাতে ৷ দিনে দিনে বাঢ়ি গৈছে এই সংঘাত ৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে জিলাখনত ৷ সমান্তৰালভাৱে জিলাখনত এই পৰ্যন্ত বিভিন্ন কাৰণত মৃত্যু হৈছে তিনিটাকৈ বন্যহস্তীৰ ৷ ইয়াৰ পিছতো মানুহ আৰু বন্যহস্তীৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা লোৱাত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷