ETV Bharat / state

ওৰাং আৰক্ষীৰ সফলতাঃ কেঁচু খান্দুতে ওলাল সাপ - ওৰাং আৰক্ষীৰ সফলতাঃ কেচু খান্দুতে ওলাল সাপ

ওৰাং আৰক্ষীয়ে ওদালগুৰি জিলাৰ পৰা এজন অপহৃত যুৱকক উদ্ধাৰ কৰিছিল ৷ আৰু এই অপহৰণৰ ঘটনাই পাচত ল'লে নতুন মোৰ ৷

অপহৃত যুৱক মাইনা গগৈ
author img

By

Published : Sep 26, 2019, 9:20 AM IST

Updated : Sep 26, 2019, 10:47 AM IST

ওদালগুৰি, 26 ছেপ্টেম্বৰঃ বুধবাৰে ওদালগুৰি জিলাৰ কোপাটিত ওৰাং আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এক অভিযান চলাই এজন অপহৃত যুৱকক উদ্ধাৰ কৰে ৷ অপহৃত যুৱকজন গোলাঘাটৰ মেৰাপানীৰ মাইনা গগৈ বুলি জানিব পৰা গৈছে ৷ অপহৃত যুৱক জনে জনোৱা মতে তেওঁক তিনি দিন পূৰ্বে কলিয়াবৰৰ পৰা অপহৰণ কৰি আনি অপহৰণকাৰী দলটোৱে তেওঁৰ পৰিয়ালৰ পৰা 20 লাখ টকা দাবী কৰিছিল ৷ আৰক্ষীয়ে অপহৰণকাৰী দলটোৰ পৰা মোস্তাফা আহমেদ নামৰ এজন যুৱকক কৰায়ত্ব কৰে যদিও আন দুজন যুৱকে পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰু আৰক্ষীয়ে মাইনা গগৈৰ অপহৰণৰ লগত জড়িত মোস্তাফা আহমেদক আটক কৰাৰ পাচতেই ঘটনাই লৈছে নতুন মোৰ ৷

অভিযুক্ত অপহৰণকাৰী মোস্তাফা আহমেদৰ ভাষ্য

আচলতে মাইনা গগৈৰ ভাষ্য অনুসৰি গগৈয়ে তেওঁৰ আত্মীয়ৰ সৈতে মোস্তাফা আহমেদৰ ওচৰলৈ কেঁকো সাপ কিনিবলৈ আহিছিল ৷ আৰু মোস্তাফা নামৰ লোক জনে গগৈক কেঁকো সাপ ডাল যোগান ধৰাৰ কথা আছিল ৷ তেনে সময়তে গগৈয়ে কেঁকো সাপডাল চুই দিয়াত সাপ ডালৰ মৃত্যু হয় ৷ আৰু ইয়াৰ পাচতে মোস্তাফাই গগৈৰ পৰা কেঁকো সাপ ডালৰ বাবত 20 লাখ টকাৰ মূল্য দাবী কৰিছিল ৷ কিন্তু গগৈয়ে সাপ ডালৰ মূল্য দিবলৈ অপাৰগ হোৱাত মোস্তাফাই বিগত 3 দিন ধৰি গগৈক বান্ধি ৰাখিছিল বুলি মাইনা গগৈয়ে জানিবলৈ দিয়ে ৷ আনহাতে মোস্তাফাৰ ভাষ্য অনুসৰি বন বিভাগে কেঁকো সাপৰ লগত জড়িত লোকসকলক জালত পেলাবলৈ ফিৰোজ নামৰ এজন লোকক নিয়োগ কৰিছিল ৷ আৰু ফিৰোজে তেওঁৰ এই কামত সহায়ক হ'বলৈ মোস্তাফাক নিয়োগ কৰিছিল ৷ কেৱল ইমানেই নহয় কেঁকো সাপ সৰবৰাহকাৰীক জালত পেলাবলৈ বন বিভাগে খোদ কেঁকো সাপ যোগান ধৰে বুলি মোস্তাফাই জানিবলৈ দিয়ে৷

অপহৃত যুৱক মাইনা গগৈৰ ভাষ্য

অৱশ্যে আৰক্ষীক ভুল পথে পৰিচালনা কৰি নিজক ৰক্ষা কৰিবলৈহৈ যুৱক দুজনে কেতবোৰ ৰহস্যজনক কথা ক'বলৈ ধৰিছে বুলি সন্দেহ কৰা হৈছে ৷ সম্প্ৰতি ওৰাং আৰক্ষীয়ে এই ৰহস্যজনক ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই সমগ্ৰ ঘটনাই ওদালগুৰি জিলাখনত কৌতূহলৰ সৃষ্টি কৰিছে ৷ কিন্তু আৰক্ষীৰ তদন্তৰ শেষতহে ঘটনাৰ প্ৰকৃত সত্যতা জানিব পৰা যাব ৷

ওৰাং আৰক্ষীৰ মন্তব্য

Intro:ওৰাং আৰক্ষীৰ বৃহৎ সফলতা। কেচু খান্দুতে পালে সাপ।

Body:ওৰাং আৰক্ষীৰ বৃহৎ সফলতা। কেচু খান্দুতে পালে সাপ।

ওৰাং আৰক্ষীয়ে ওদালগুৰি জিলাৰ কোপাটিত এক সফল অভিযান চলাই গোলাঘাটৰ মেৰাপানীৰ মাইনা গগৈ নামৰ এজন অপহৃত যুৱকক উদ্ধাৰ কৰিব সক্ষম হয়। অপহৃত যুৱক জনে জনোৱা মতে তেওক তিনি দিন পূৰ্বে কলিয়াবৰৰ পৰা অপহৰণ কৰি আনি পৰিয়ালৰ পৰা ২০ লাখ টকা দাবী কৰিছিল অপহৰণকাৰী এটা দলে । অৱশেষত আজি ওৰাং আৰক্ষীয়ে বিশেষ সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই কোপাটিৰ এটা ঘৰৰ বান্ধি থোৱা অৱস্তাত উদ্ধাৰ কৰে মাইনা গগৈক। এই সন্দৰ্ভত ওৰাং আৰক্ষীয়ে অপহৰণৰ লগত জড়িত মোস্তাফা আহমেদ নামৰ এজন যুৱকক কৰায়ক্ত কৰে যদিও আন দুজন যুৱক পলায়ন কৰে।

ইপিনে ওৰাং আৰক্ষীয়ে মাইনা গগৈৰ অপহৰণত জড়িত মোস্তাব আহমেদক জেৰা কৰাৰ পিছতে ঘটনাই লৈছে নতুন মুৰ। মাইনা গগৈ নামৰ যুৱক জনে মোস্তাব আহমেদৰ ওচৰত কেকো সাপ কিনিবলৈহে আহিছিল বুলি জনালে আৰক্ষীক।
বন বিভাগে কেকো সাপৰ লগত জড়িত সকলক জালত পেলাবলৈ ফিৰোজ নামৰ এজন লোকক নিয়োগ কৰাৰ লগতে ফিৰোজে মোস্তাফা আহমেদক এই কামত নিয়োগ কৰা বুলি মোস্তাফাই জানিব দিয়ে। আনকি বন বিভাগেই কেকো সাপ যোগান ধৰা বুলি মোস্তাফাই মন্তব্য কৰে।

অৱশ্যে আৰক্ষীক ভুল পথে পৰিচালনা কৰি নিজক ৰক্ষা কৰিবলৈহৈ যুৱক দুজনে কেতবোৰ ৰহস্যজনক কথা কবলৈ ধৰিছে বুলি সন্দেহ কৰা হৈছে।

এটা বিশেষ সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি মাইনা গগৈ নামৰ যুৱক কেকো সাপ কিনিবলৈহৈ আহিছিল ওৰাঙলৈ। মাইনা গগৈক কেকো সাপ দাল মোস্তাফা নামৰ লোক জনে যোগান ধৰাৰ কথা আছিল যদিও কেকোদাল মাইনা গগৈয়ে চুই দিয়াৰ পিছতে মৃত্যু হোৱাত মাইমা গগৈৰ পৰাই কোকেদালৰ মূল্যটো দাবী কৰিছিল মোস্তাফাই। কেকো দালৰ মূল্য ২০ লাখ টকা হোৱাৰ বাবেই সেই টকা দিবলৈ অমান্তি হৈছিল মাইনা গগৈ । সেয়েহে মাইনা গগৈক যোৱা ৩ দিন ধৰি বন্দি কৰি ৰাখিছিল মোস্তাফাই।
অৱশ্যে কেকো সাপৰ লগত জড়িত থকাৰ কথা দুয়োয়ে অস্বীকাৰ কৰিছে সাংবাদিকৰ আগত।

ইতিমধ্যে এই ৰহস্যজনক ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ওৰাঙ আৰক্ষীয়ে। এতিয়া এই সমগ্ৰ ঘটনাই কৌতহলৰ সৃষ্টি কৰিছে ওদালগুৰি জিলা খনত। অৱশ্যে ঘটনাৰ প্ৰকৃত সত্যতা আৰক্ষীৰ তদন্তৰ শেষতহে জানিব পৰা যাব।Conclusion:
Last Updated : Sep 26, 2019, 10:47 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.