ETV Bharat / state

উৎকোচ নিদিলে প্ৰাপ্য সুবিধাৰ পৰাও বঞ্চিত হয় প্ৰতিবন্ধী !! - ওদালগুৰিত প্ৰতিবন্ধীৰ পৰা উৎকোচ লয় জ্যোতিৰ্ময় বৰুৱাই

কাৰ্যালয়ৰ কাম সমূহৰ বাবে জ্যোতিৰ্ময় বৰুৱাই প্ৰতিবন্ধী লোকসকলক নিজ ঘৰলৈ মাতি ঘৰত উৎকোচৰ বজাৰ বহোৱাৰ অভিযোগ কৰে সংগঠনটোৱে। এই সন্দৰ্ভত সংগঠনটোৱে উদ্ধতম কতৃপক্ষকো অৱগত কৰিছিল যদিও একো সুফল নোপোৱাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই।

ওদালগুৰি
author img

By

Published : Oct 30, 2019, 10:09 PM IST

Updated : Oct 30, 2019, 11:46 PM IST

ওদালগুৰি, 30 অক্টোবৰ: যি সময়ত প্ৰতিবন্ধী লোকসকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে চৰকাৰে ভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে সেই সময়তে নিজ প্ৰাপ্যৰ ধন বিছৰিলেও সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত প্ৰদান কৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ ধনৰ টোপোলা ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ওদালগুৰি জিলাৰ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জ্যোতিৰ্ময় বৰুৱা নামৰ এজন কৰ্মচাৰীৰ বিৰুদ্ধে ৷ ইয়াৰোপৰি প্ৰতিবন্ধী সকলৰ বাবে ১২০০০ টকা আহিলে কৰ্মচাৰী জনক ৬০০০ টকা পৰ্যন্ত দিব লাগে বুলিও অভিযোগ কৰে ওদালগুৰি জিলা প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ।

প্ৰতিবন্ধীয়েও দিব লাগিব উৎকোচ !

বুধবাৰে ওদালগুৰি জিলা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ নেতৃত্বত শতাধিক প্ৰতিবন্ধী লোকে ওদালগুৰি জিলাৰ সহ আয়ুক্ত নিলাক্ষী বৈশ্যক সাক্ষাৎ কৰে ৷ চৰকাৰে আগবঢ়োৱা মাহিলি পেঞ্চনৰ লগতে অন্যান্য সুবিধাৰ বাবদ জ্যোতিৰ্ময় বৰুৱাই উৎকোচ লৈ অহা বিষয়টো সহ আয়ুক্তগৰাকীক লিখিতৰূপে জনায় সংস্থাটোৱে ।

উল্লেখ্য যে, কাৰ্যালয়ৰ কাম সমূহৰ বাবে জ্যোতিৰ্ময় বৰুৱাই প্ৰতিবন্ধী লোকসকলক নিজ ঘৰলৈ মাতি ঘৰত উৎকোচৰ বজাৰ বহোৱাৰ অভিযোগ কৰে সংগঠনটোৱে। এই সন্দৰ্ভত সংগঠনটোৱে উদ্ধতম কতৃপক্ষকো অৱগত কৰিছিল যদিও একো সুফল নোপোৱাৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই। সেয়ে প্ৰয়োজনত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে।

Intro:ওদালগুৰি জিলাৰ সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জ্যোতিৰ্ময় বৰুৱা নামৰ কেৰানী জনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।

আচনিৰ ধন লাভ কৰিবৰ বাবে প্ৰতিবন্ধী সকলৰ পৰা ধন বিছৰা অভিযোগ কেৰানী জনৰ বিৰুদ্ধে।

এই সন্দৰ্ভত জিলা প্ৰশাসনত লিখিত এজাহাৰ দাখিল কৰিলে প্ৰতিবন্ধী সকলে

Body:যি সময়ত প্ৰতিবন্ধী লোক সকলক বিভিন্ন সুবিধা প্ৰদানৰ বাবে চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে তেনে
সময়তে সেই আচনি সমূহৰ নামত প্ৰতিবন্ধী সকলৰ পৰা উৎকোচ লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ওদালগুৰি জিলাৰ সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জ্যোতিৰ্ময় বৰুৱা নামৰ কেৰানী জনৰ বিৰুদ্ধে। এই সন্দৰ্ভত আজি ওদালগুৰি জিলা প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ নেতৃত্বত শতাধিক প্ৰতিবন্ধী লোকে ওদালগুৰি জিলাৰ সহ আয়ুক্ত মিনাক্ষী বৈশ্যক সাক্ষাৎ কৰি চৰকাৰে আগবঢ়োৱা মাহিলী পেঞ্চনৰ লগতে অন্যান্য সুবিধাৰ বাবদ জ্যোতিৰ্ময় বৰুৱা নামৰ কেৰানী জনক মোতা অংকৰ ধন আদায় দি থাকিব লগা হোৱা বুলি লিখিত অভিযোগ প্ৰদান কৰে।ইয়াৰ লগতে সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰিজাউল হকে সাংবাদিকৰ আগত কেৰানী জনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেও কয় যে চৰকাৰী গ্ৰহণ কৰা বিভিন্ন আচনিৰ যোগেৰে অহা ধনৰ আধা অংশ কেৰানী জনে বিছাৰে। প্ৰতিবন্ধী সকলৰ বাবে ১২,০০০ টকা আহিলে কেৰানী জনক ৬০০০ টকা পৰ্যন্ত লাগে বুলি অভিযোগ কৰে সভাপতি জনে। আনহাতে টকা নোপোৱা লোক সকলক কেৰানী জনে ঘূৰাই থকাৰ লগতে টকা দিলে কামটো হ'ব বুলি মুকলিকৈ ধন বিছৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোই। ইয়াৰ লগতে কেৰানী জনে কাৰ্যালয়ৰ কাম সমূহৰ বাবে প্ৰতিবন্ধী লোক সকলক নিজৰ ঘৰত মাতাৰ অভিযোগ কৰি কাৰ্যালয়ৰ কাম সমূহ ঘৰত কৰি বজাৰ বহোৱাৰ অভিযোগ কৰে সংগঠনটোৱে।
এই সন্দৰ্ভত সংগঠনটোই উদ্ধতম কতৃপক্ষক অৱগত কৰিছিল যদিও একো সুফল নোপোৱাৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই। এই ক্ষেত্ৰত প্ৰয়োজনত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে প্ৰতিবন্ধী সকলে।

Byte1- Rijaul Haque. president
BYTE- 4&5- অভিযোগকাৰী।Conclusion:
Last Updated : Oct 30, 2019, 11:46 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.