ETV Bharat / state

সীতাজখলা দুগ্ধ উৎপাদক সমিতিক আন্দোলন প্ৰত্যাহাৰ কৰাৰ আহ্বান মন্ত্ৰী ৰিহন দৈমাৰীৰ - ওদালগুৰি

ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীৰ সংবাদ মেল ৷ সীতাজখলা দুগ্ধ উৎপাদক সমিতিক আন্দোলন প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান মন্ত্ৰীগৰাকীৰ ৷

ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীৰ সংবাদ মেল
author img

By

Published : Aug 19, 2019, 9:46 PM IST

ওদালগুৰি, ১৯ আগষ্ট:- ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগম আৰু পূৰৱী ডায়েৰীৰ থলুৱা গো-পালক বিৰোধী নীতিৰ বিৰুদ্ধে সীতাজখলা দুগ্ধ উন্নয়ন সমিতিয়ে চলোৱা আন্দোলনে অতিক্ৰম কৰিলে তিনিদিন ৷ এই আন্দোলনৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে অতি শীঘ্ৰে আন্দোলন প্ৰত্যাহাৰৰ বাবে আহ্বান জনাই প্ৰতিবাদকাৰী সকলক৷ সোমবাৰে ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰি সীতাজখলা দুগ্ধ উন্নয়ন সমিতিৰ সমস্যাসমূহৰ বিষয়ে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ ২১ আগষ্টত মন্ত্ৰীগৰাকীৰ গুৱাহাটীস্থিত বিভাগীয় কাৰ্যালয়ত আলোচনালৈ আমন্ত্ৰণ জনায় ৷

ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীৰ সংবাদ মেল

সমিতিখনে আন্দোলন কৰিবলগীয়া হোৱাত দুখ প্ৰকাশ কৰি সীতাজখলা দুগ্ধ উন্নয়ন সমিতিখনে সন্মুখীন হৈ অহা সমস্যাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকী অৱগত নহয় বুলিও সংবাদ মেলত সদৰি কৰে ৷ আলোচনাৰ মাধ্যমেৰে কেৱল সীতাজখলা দুগ্ধ উন্নয়ন সমিতিয়ে নহয় ৰাজ্যখনৰ থলুৱা দুগ্ধ উন্নয়ন সমিতিসমূহৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি তেওঁ ব্যক্ত কৰে ৷ লগতে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগম আৰু পূৰৱী ডায়েৰীৰ সৈতে ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে সীতাজখলা দুগ্ধ উন্নয়ন সমিতিখন চলাবলৈ দিয়া হৈছিল বুলি মন্ত্ৰী ৰিহন দৈমাৰীয়ে সংবাদ মেলত জানিবলৈ দিয়ে ৷

Intro:ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীৰ সংবাদ মেল : সীতাজখলা দুগ্ধ উৎপাদক সমিতিক আন্দোলন প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান
Body:ওদালগুৰি, ১৯ আগষ্ট:- ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগম আৰু পূৰৱী ডায়েৰীৰ থলুৱা গো-পালক বিৰোধী নীতিৰ বিৰুদ্ধে সীতাজখলা দুগ্ধ উন্নয়ন সমিতিয়ে চলোৱা আন্দোলনে তিনিদিন অতিক্ৰম কৰাৰ অন্তত ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে এই আন্দোলনত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতি শীঘ্ৰে আন্দোলন প্ৰত্যাহাৰৰ বাবে আহ্বান জনাইছে ৷ আজি ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰি সীতাজখলা দুগ্ধ উন্নয়ন সমিতিৰ সমস্যাসমূহৰ বিষয়ে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ অহা ২১ আগষ্টত মন্ত্ৰীগৰাকীৰ গুৱাহাটীস্থ বিভাগীয় কাৰ্যালয়ত ৰাজ্য চৰকাৰ হৈ সমিতিখনক আলোচনালৈ আমন্ত্ৰণ জনায় ৷ সমিতিখনে আন্দোলন কৰিবলগীয়া হোৱাত দুখ প্ৰকাশ কৰি সীতাজখলা দুগ্ধ উন্নয়ন সমিতিখনে সন্মুখীন হৈ অহা সমস্যাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকী অৱগত নহয় বুলি সংবাদ মেলত সদৰি কৰে ৷ আলোচনাৰ মাধ্যমেৰে কেৱল সীতাজখলা দুগ্ধ উন্নয়ন সমিতিয়ে নহয় ৰাজ্যখনৰ থলুৱা দুগ্ধ উন্নয়ন সমিতিসমূহৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি তেওঁ ব্যক্ত কৰে ৷ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগম আৰু পূৰৱী ডায়েৰীৰ সৈতে ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া ত্ৰিপাক্ষিক চুুক্তিৰ জৰিয়তে সীতাজখলা দুগ্ধ উন্নয়ন সমিতিখন চলাবলৈ দিয়া হৈছিল বুলি মন্ত্ৰী ৰিহন দৈমাৰীয়ে সংবাদ মেলত জানিবলৈ দিয়ে ৷
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.