গুৱাহাটী, 14 আগষ্টঃ স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ কেইঘন্টামান সময় বাকী থকা অৱস্থাতে ওদালগুৰি আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ ওদালগুৰি আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ ৷ মহানগৰ আৰক্ষী আৰু ওডালগুৰি আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হৈছে এই অস্ত্ৰ-শস্ত্ৰসমূহ ৷
আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে, AK ৰাইফল ৭টা,M-20 দুটা, 9MM পিস্তল আৰু বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷ অৱশ্যে এই পৰ্যন্ত ঘটনাৰ ইয়াৰ লগত জৰিত কোনো লোককে আটক কৰা নাই আৰক্ষীয়ে ৷
সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে মহানগৰ আৰক্ষীয়ে ৷ ইফালে স্বাধীনতা দিৱস আৰু বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ দুটাকৈ গোচৰৰ অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই কৰিমগঞ্জ আৰক্ষী