ETV Bharat / state

মাজবাটত ট্ৰাকৰ চেপাত অচিনাক্ত যুৱকৰ মৃত্যু

ৰৌতা গেটৰ পৰা টিক্ৰীটোলালৈ যোৱা পথত সংঘটিত হ'ল এই শোকৱহ দুৰ্ঘটনা ৷ আৰক্ষীয়ে জব্দ কৰিলে দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক ৷

মাজবাটত ট্ৰাকৰ চেপাত অচিনাক্ত যুৱকৰ মৃত্যু
author img

By

Published : Oct 20, 2019, 11:10 PM IST

ওদালগুৰি, 20 অক্টোবৰ: ওদালগুৰি জিলাৰ মাজবাটত দেওবাৰে ট্ৰাকৰ চেপাত মৃত্যু হ'ল এজন যুৱকৰ ৷ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ৰৌতা গেটৰ পৰা টিক্ৰীটোলালৈ যোৱা পথত দেওবাৰে দিনৰ 10মান বজাত এ এছ -১২ ই - ০৪৩১ নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে নীলা টি-চাৰ্ট আৰু এখন ৰঙীণ গামোচা পৰিহিত এজন যুৱকক ফলত থিতাতে নিহত হয় যুৱকজন ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত যুৱকৰ মৃতদেহ পৰি থকা অৱস্থাত পায় মাজবাট আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

মাজবাটত ট্ৰাকৰ চেপাত অচিনাক্ত যুৱকৰ মৃত্যু

ইফালে ঘটনাৰ পাছত মাজবাট আৰক্ষীয়ে অভিযান চলাই ওৰাং - মাজবাট ৰূপা পথত ৰখাই থোৱা অৱস্থাত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ পিছৰ চকাত তেজ লাগি থকা দেখি ট্ৰাকৰ চালক মনোজ ৰিৱাক আটক কৰে৷ আৰক্ষীৰ জেৰাত চালক জনে ট্ৰাকৰ পিছৰ চকাত লাগি যুৱকজনৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে ৷ বৰ্তমান মাজবাট আৰক্ষী থানাত ৰখা মৃতদেহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই ৷ সোমবাৰে মৃতদেহটোৰ ওদালগুৰিৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব ৷

Intro:ওদালগুৰি জিলাৰ মাজবাটত ট্ৰাকৰ চেপাত এজন যুৱকৰ মৃত্যু হয় ।

বৰ্তমানো চিনাক্ত হোৱা নাই মৃতদেহটো

পিছত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে
এ এছ -১২ ই - ০৪৩১ নম্বৰৰ এখন ট্ৰাকখন

ট্ৰাকখনৰ চালক মনোজ ৰিৱাক আটক কৰে আৰক্ষীয়েBody:আজি ওদালগুৰি জিলাৰ মাজবাটত ট্ৰাকৰ চেপাত এজন অচিনাক্ত যুৱকৰ মৃত্যু হয় । মাজবাট আৰক্ষী থানাৰ অন্তগত ৰৌতা গেটৰ পৰা টিক্ৰীটোলালৈ যোৱা পথত সংঘটিত হয় এই দূৰ্ঘটনাটো। আৰক্ষী সুত্ৰৰ পৰা জানিব পৰামতে আজি দিনৰ ১০-০০ মান বজাত ৰৌতা গেটৰ স্থানীয় ৰাইজে উক্ত স্থানত এটা দুৰ্ঘটনা সংঘটিত হৈ এজন যুৱকৰ মৃত্যু হোৱা বুলি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ অচিনাক্ত যুৱক জনৰ মৃতদেহটো মাজবাট থানালৈ লৈ আনি ঘটনাৰ তদন্ত আৰম্ভ কৰে । মাজবাট আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ সন্ধানত অভিযান চলাই অৱশেষত ওৰাং - মাজবাট ৰূপা পথত ৰখাই থোৱা অৱস্থাত এ এছ -১২ ই - ০৪৩১ নম্বৰৰ এখন ট্ৰাক প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে উক্ত ট্ৰাকখনৰ পিছৰ চকাত তেজ লাগি থকা দেখি ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক মনোজ ৰিৱাক আটক কৰে । ইতিমধ্যে ট্ৰাক চালক জনে ট্ৰাকখনৰ পিছৰ চকাত লাগি যুৱক জনৰ মৃত্যু হোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে । আনহাতে ৩২ বছৰ মান বয়সৰ নীলা টি-চাৰ্ত আৰু এখন ৰঙীন গামোচা পৰিহিত যুৱক জনৰ মৃতদেহটো চিনাক্তকৰণৰ বাবে বৰ্তমান মাজবাট আৰক্ষী থানাত ৰখা হৈছে।
মৃতদেহটো কাইলৈ ওদালগুৰিৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.