ETV Bharat / state

সৌভাগ্য আঁচনিঃ বিদ্যুৎ সংযোগ অবিহনে আহিল বিদ্যুতৰ বিল - শক্তি বিভাগ

ওদালগুৰিৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটিত সৌভাগ্য আঁচনিৰ জৰিয়তে সংযোগ হোৱা বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত ৰাইজ । সৌভাগ্য আঁচনিৰ বিদ্যুৎ সেৱা প্ৰদান কৰাৰ নামত ঠিকাদাৰে বিদ্যুতৰ তাঁৰ নতনাকৈয়ে কেৱল বিদ্যুতৰ খুঁটা পুতি দায়িত্ব সামৰিলে । কিন্তু বিদ্যুতৰ তাঁৰ সংযোগ নোহোৱাৰ পাছতো ধনশ্ৰীখুটিৰ ৰাইজক শক্তি বিভাগে প্ৰদান কৰিছে বিজুলীৰ বিল ৷

ওদালগুৰিত বিদ্যুৎ সংযোগ নকৰাকৈয়ে আহিল বিদ্যুতৰ বিল
author img

By

Published : Aug 21, 2019, 8:15 PM IST

ওদালগুৰি,21আগষ্টঃ ওদালগুৰিত সৌভাগ্য আঁচনিৰ বিদ্যুৎ এতিয়া একাংশ লোকৰ বাবে হৈ পৰিছে দুৰ্ভাগ্য । ওদালগুৰিৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটিত সংঘটিত হৈছে শক্তি বিভাগৰ আজৱ ঘটনা ৷ বিদ্যুৎ সংযোগ নকৰাকৈয়ে প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে আহিল বিদ্যুতৰ বিল । গাঁওখনত ৪ মাহ আগতেই সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ কৰাৰ বাবে এই সমূহ বিদ্যুতৰ খুঁটা পুতিছিল । কিন্তু খুটা পুতিলে যদিও বৰ্তমান পৰ্যন্ত বিদ্যুৎ সংযোগৰ বাবে তাঁৰ নাতানিলে সৌভাগ্য আঁচনিৰ ঠিকা লাভ কৰা ঠিকাদাৰে । কেৱল এই দৰে বিদ্যুতৰ খুঁটা পুতি তাঁৰ নলগোৱাকৈ দায়িত্ব সামৰিলে ঠিকাদাৰে । কিন্তু বিদ্যুতৰ তাঁৰ সংযোগ নকৰাকৈয়ে এইসকল লোকক শক্তি বিভাগে প্ৰদান কৰিছে ২০০০ পৰা ২৪০০০ টকা পৰ্যন্ত বিদ্যুতৰ মাচুল । ওদালগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনে কাণ্ড সংঘটিত হোৱা বুলি একাংশ লোকে ক্ষোভ প্ৰকাশ কৰে৷

Intro:ওদালগুৰি জিলাৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটিত সৌভাগ্য আঁচনিৰ জৰিয়তে সংযোগ হোৱা বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত ৰাইজ। সৌভাগ্য আঁচনিৰ বিদ্যুৎ সেৱা প্ৰদান কৰাৰ নামত ঠিকাদাৰে বিদ্যুৎতৰ টাঁৰ নতনাকৈয়ে কেৱল বিদ্যুৎতৰ খুটা পুতিয়েই দায়িত্ব সামৰিলে। ৫-৬ মাহ আগতেই বিদ্যুৎৰ খুটা পতিলে যদিও আজি পৰ্যন্ত টাঁৰ সংযোগ নহল। কিন্তু বিদ্যুৎতৰ টাঁৰ সংযোগ নোহোৱাৰ পাছতো ধনশ্ৰীখুটিৰ ৰাইজৰক বিদ্যুৎ বিভাগে প্ৰদান কৰিছে বিজুলীৰ বিলBody: ওদালগুৰি জিলাৰ ৰৌতাবাগানৰ ধনশ্ৰীখুটিত সংঘটিত হৈছে বিদ্যুৎ বিভাগৰ আজৱ ঘটনা ৷ বিদ্যুৎ সংযোগ নকৰাকৈয়ে প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে বিদ্যুৎৰ মাচুল। ৰৌতাবাগানৰ ধনশ্ৰীখুটি নামৰ এই গাওখনত ৪ মাহ আগতেই সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ সংযোগ কৰাৰ বাবে এই সমূহ বিদ্যুৎৰ খুটা পতিছিল। কিন্তু খুটা পতিলে যদিও আজি পৰ্যন্ত বিদ্যুৎ সংযোগৰ বাবে টাঁৰ নাতানিলে সৌভাগ্য আঁচনিৰ ঠিকা লাভ কৰা ঠিকাদাৰে। কেৱল এই দৰে বিদ্যুৎতৰ খুটা পুতি টাৰ নলগোৱাকৈ দায়িত্ব সামৰিলে ঠিকাদাৰে। কিন্তু বিদ্যুৎ বিদ্যুৎৰ টাৰ সংযোগ নকৰাকৈয়ে এই সকল লোকক বিদ্যুৎ বিভাগে প্ৰদান কৰিছে ২০০০,২২০০,২৪০০০ টকা পৰ্যন্ত বিদ্যুৎৰ মাচুল। ওদালগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এতিয়া বিদ্যুতৰ মাচুলে এই সকল লোকক মাধমাৰ সোধাছে বুলি একাংশ লোকে ক্ষোভ প্ৰকাশ কৰে৷ গাওঁখনৰ লোকসকলে এই ‌বিষয়ে বিভাগক বিদ্যুৎ সংযোগ নোহোৱাৰ কথা অবগত কৰে যদিও ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে বিদ্যুৎ বিভাধৰ বিৰুদ্ধে। যাৰফলত এতিয়া সৌভাগ্য আঁচনিৰ বিদ্যুৎ এই লোক সকলৰ বাবে হৈ পৰিছে দূৰৰ্ভাগ্যহে।
Byte:- public 1
Byte:- public 2
Byte:- public 3Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.