ETV Bharat / state

জিলা উপায়ুক্তৰ কাৰ্যালয়ত নাই স্বচ্ছতাৰ চিন-চাব

চাফ-চিকুণতাৰ বাবে নাই কোনো পৰিৱেশ, জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ "ফ্লপ শ্ব" ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কদৰ্য ৰূপ
author img

By

Published : Sep 28, 2019, 5:57 PM IST

Updated : Jul 21, 2022, 2:45 PM IST

ওদালগুৰি, 28 ছেপ্টেম্বৰঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ 150তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে বৃহৎ হাৰে ৰূপায়ণ কৰা হৈছে স্বচ্ছ ভাৰত অভিযান ৷ 2 অক্টোবৰৰ আগে আগে দেশৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়কে ধৰি সকলো অঞ্চলতে স্বচ্ছ ভাৰত অভিযানৰ নেতৃত্ব দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই হাতত ঝাৰু চাফাই অভিযান আৰম্ভ কৰিছে ৷ কিন্তু এইখন অসমৰে এটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ ৷ কদৰ্যময় পৰিৱেশ,চৌদিশে প্লাষ্টিকৰ আৱৰ্জনা,ৰাজহুৱা শৌচাগাৰ,প্ৰস্ৰাৱগাৰৰ কদৰ্য ৰূপে একপ্ৰকাৰ গোহালিলৈ ৰূপান্তৰিত কৰিছে জিলা উপায়ুক্তৰ কাৰ্যালয়টো ৷ তথাপিও যেন আহৰি নাই জিলা উপায়ুক্ত কিম্বা ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ৷

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কদৰ্য ৰূপ

প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানক একপ্ৰকাৰে ফ্লপ শ্বলৈ ৰূপান্তৰিত কৰা এইটো ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ে অভিলেখ ৰচিছে ৷ জিলা প্ৰশাসনৰ বৰমূৰীয়াসকলৰ চৰকাৰী কাৰ্যালয়টোৰ চৌদিশৰ অৱস্থা একপ্ৰকাৰ গোহালিলৈ ৰূপান্তৰিত হৈছে ৷ উপায়ুক্তৰ কাৰ্যালয়টোৰ চৌদিশে তামোলৰ পিক,প্লাষ্টিকৰ বটলকে ধৰি অন্যান্য মাদক দ্ৰব্যৰ বটলেৰে ভৰি পৰিছে ৷ কাৰ্যালয়ৰ ভৱনসমূহৰ চৌদিশ চাফ-চিকুণ নকৰাত বন-জংঘলেৰে ভৰি পৰিছে ৷ আনহাতে কাৰ্যালয়টোৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ অৱস্থাও তেনেই শোচনীয়,নাই উপযুক্ত পানীৰ ব্যৱস্থা ৷ চাফাই কৰ্মী থকাৰ পিচটো লেতেৰা পৰিৱেশৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰ্যালয়লৈ অহা লোকসকল ৷

দুৰ্গন্ধময় অৱস্থাত থকা জিলা উপায়ুক্তৰ কাৰ্যালয়টোৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰৰ মেৰামতি তথা চোৱাচিতাৰ অভাৱে সমগ্ৰ কাৰ্যালয়টোকে অধিক লেতেৰা কৰি পেলাইছে ৷ কাৰ্যালয়টোত নাই কোনো ডাষ্টবিনৰ ব্যৱস্থা,যাৰ বাবে য'তে-ত'তে পৰি আছে লেতেৰা সামগ্ৰী ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়টো শীঘ্ৰেই মেৰামতি তথা চাফ-চিকুণ কৰিবলৈ দাবী উত্থাপন কৰিছে সচেতন ৰাইজে ৷ এইক্ষেত্ৰত জিলা উপায়ুক্তক শীঘ্ৰেই বিহীত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে ৰাইজে ৷

Last Updated : Jul 21, 2022, 2:45 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.