ওদালগুৰি, 1 জুনঃ ৰাজ্যত ক্ৰমে ভয়াৱহ ৰূপ ধাৰন কৰিছে ৷ কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ওদালগুৰি জিলাটো ধাৰাবাহিকভাৱে বৃদ্ধি পাব ধৰিছে । আজি সন্ধিয়া ভাগলৈ জিলাখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 29 জনলৈ বৃদ্ধি পায় ৷ এতিয়ালৈ ওদালগুৰি জিলাৰ মুঠ আক্ৰান্তৰ তিনিগৰাকী ওদালগুৰিৰ বাহিৰত আৰু 26 গৰাকী ওদালগুৰি জিলাৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত আছিল । আজিৰ দিনটোত জিলাখনত পুনৰ 5 গৰাকী কোভিড-19ত আক্ৰান্ত হয় ৷
আজি আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত আছে খৈৰাবাৰী কোৱাৰেন্টাইন চেন্টাৰত থকা সৌৰভ চৌহান, ওদালগুৰি কলেজৰ কোৱাৰেন্টাইন চেন্টাৰত থকা প্ৰকাশ দাস, দ্বীপজয় বসুমতাৰী আৰু মাজবাট কলেজৰ কোৱাৰেন্টাইন চেন্টাৰত থকা গকুল বৰ্মন আৰু জহান বসুমতাৰী । ওদালগুৰি জিলাত আক্ৰান্ত 26 জনে বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।