ওদালগুৰি,১২মাৰ্চ: ওদালগুৰি ডিমাকুছিৰ বৰঙ্গাজুলিত মঙলবাৰে দুপৰীয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা । ওদালগুৰি তামুলপুৰ সংযোগী পথত আটাৰীখাট দিশৰ পৰা ডিমাকুছি অভিমুখে আহি থকা এখন পালছাৰ বাইকে একেটা দিশত খোজকাঢ়ি গৈ থকা পিংকী কাটোৱাল নামৰ মহিলা এগৰাকী আৰু তেওঁৰ ৫ মহীয়া সন্তানক খুন্দিয়াই । ফলত পিচফালৰ পৰা মৰা বাইকৰ খুন্দাত শিশু সহ মহিলা গৰাকী আহত হয় । ইপিনে শিশু সহ মহিলা গৰাকীক স্থানীয় লোকে চিকিৎসাৰ বাবে ডিমাকুছি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে পৰীক্ষা কৰি দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । আনহাতে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত বাইক আৰু চালকক থানালৈ লৈ যায় ।
ডিমাকুছিত পথ দুৰ্ঘটনা;আহত 2
উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ