ওদালগুৰি, চেপ্টেম্বৰ 06 :
- ওদালগুৰি জিলাৰ টংলাত বিসংগতিপূৰ্ণ এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বন আৰু আক্ৰাছুৰ ৷
- দুমাহৰ ভিতৰত আসোঁৱাহ দূৰ নকৰিলে আত্মজাহৰ হুংকাৰ ৷
- এন আৰ চিত প্ৰকৃত ভাৰতীয় হিন্দু বাঙালী আৰু ভূমিপুত্ৰ কোচ ৰাজবংশী লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ ৷
- শুকুৰবাৰে সন্ধিয়া টংলাত সংগঠন দুটাই "গণ চিঞৰ" কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
- শতাধিক ছাত্ৰকৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে’কাৰ্ড লৈ ’স্বদেশীক বিদেশী সজোৱা নচলিব, প্ৰতীক হাজেলা হায় হায় আদি ধ্বনিৰে টংলাৰ পৰিবেশ উত্তাল কৰি তোলে ৷
- প্ৰতিবাদৰ নেতৃত্ব দিয়ে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্বনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কমল চৌধুৰী আৰু আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিব্যজ্যোতি কুমাৰ ডেকাই ৷