ওদালগুৰি, 12 জুনঃ শুকুৰবাৰে ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ উপ পৰিদৰ্শক সুকুমাৰ তালুকদাৰে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ৷ আৰক্ষী চকীটোত কোনো ভাৰপ্ৰাপ্ত বিষয়া নথকাৰ বাবে চোৱাচিতাৰ দায়িত্বত আছিল সুকুমাৰ তালুকদাৰ ৷
আৰক্ষী গৰাকীৰ মৃত্যুৰ বিষয়ে অৱগত হোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈছে ওদালগুৰিৰ আৰক্ষী অধীক্ষকৰ লগতে উচ্চপদস্থ আৰক্ষী বিষয়াসকল ৷ মৃত সুকুমাৰ তালুকদাৰ ঘৰ নলবাৰীৰ চামতাত বুলি জানিব পৰা গৈছে ৷ বৰ্তমানেও উপ পৰিদৰ্শক গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা যোৱা নাই ৷
লগতে পঢ়কঃ গোলাঘাটৰ ছেলেঙী খেলপথাৰত দুৰ্লভ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন