ETV Bharat / state

ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ উদ্যোগত ড্ৰাইভ আৰু কেৰিয়াৰ পৰামৰ্শ কাৰ্যসূচী - সমগ্ৰ শিক্ষা অভিযান অসম

নিযুক্তিৰ লগতে নিযুক্তি সম্পৰ্কীয় বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদানৰ বাবে গুৱাহাটীৰ ডাউন টাউন চেৰিটি ট্ৰাষ্টে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ওদালগুৰি জিলাত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা ট্ৰাষ্টৰ ।

Down Town Charity Trust
ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ উদ্যোগত ওদালগুৰিত বিশেষ কাৰ্যসূচী
author img

By

Published : Sep 25, 2021, 11:30 AM IST

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : গুৱাহাটীৰ ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ (Down Town Charity Trust) উদ্যোগত বিগত সময়চোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত ছাত্র-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এই কাৰ্যসূচীৰ অংশস্বৰূপে শুকুৰবাৰে ওদালগুৰি জিলাৰ দুখনকৈ চৰকাৰী বিদ্যালয়ত প্লেচমেণ্ট ড্ৰাইভ (Placement drive) আৰু কেৰিয়াৰ পৰামৰ্শৰ (career counseling) এক কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ট্ৰাষ্টৰ সৌজন্যত ওদালগুৰি জিলাৰ শ্বেশৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হৈছে 'সমগ্ৰ শিক্ষা অভিযান অসম' প্ৰকল্পৰ অধীনত বৃত্তিমূলক শিক্ষাৰ অন্তৰ্গত স্বাস্থ্যসেৱা বিষয়ক লৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫১ খন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ কৰ্ম সংস্থাপন আৰু তেওঁলোকৰ দক্ষতা বিশ্লেষণ কৰা ।

Down Town Charity Trust
ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ উদ্যোগত ওদালগুৰিত বিশেষ কাৰ্যসূচী

লগতে তেওঁলোকৰ অধিক পছন্দৰ বিষয়ত কৰ্মজীৱন আৰম্ভ কৰিবলৈ নিজক সাজু কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰা ।

তদুপৰি আৰ্থিকভাৱে দুৰ্বল আৰু উচ্চ শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীক দক্ষতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক প্ৰাসংগিক চাকৰিৰ ব্যৱস্থা তথা শিক্ষাৰ্থীসকলৰ মাজত উদ্যোগী হোৱাৰ মানসিকতা সৃষ্টি কৰা ৷ এই কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষাৰ্থীসমূহে অংশগ্ৰহণ কৰে । ট্ৰাষ্টৰ তৰফৰ পৰা তেওঁলোকক বিশেষ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক : হতাশাত ভূগিছে ৰাজীৱ লোচন পেগুৱে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.