ওদালগুৰি, ৩০ অক্টোবৰ : ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষাক অধিক মনোগ্ৰাহী কৰিবলৈ ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় বিজ্ঞান মেলা । আগাষ্টিয়া ইন্টাৰনেশ্যনেল ফাউণ্ডেচনৰ উদ্যোগত ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই বিজ্ঞান মেলা । উক্ত মেলাত ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজে প্ৰস্তুত কৰা বিভিন্ন ধৰণ বৈজ্ঞানিক সামগ্ৰীৰ নমুনা প্ৰদৰ্শন কৰে ৷
উল্লেখ্য় যে অতি পিচপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতা বিকাশ কৰাৰ লগতে ভৱিষ্যতে একো একোজন সফল বৈজ্ঞানিক হিচাপে গঢ়ি তোলা, সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস দূৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানৰ সমাজখনৰ লগত যাতে খাপ খাব পাৰে তাৰ বাবে আগাষ্টিয়া ইন্টাৰনেশ্যনেল ফাউণ্ডেচনে আয়োজন কৰিছে এই বিজ্ঞান মেলাৰ ৷
আগাষ্টিয়া ইন্টাৰনেচনেল ফাউণ্ডেশ্যনৰ দ্বাৰা ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান মেলাৰ আয়োজন কৰাত ছাত্ৰ-ছাত্ৰী সকলৰ উৎসুকতা বৃদ্ধি পাইছে । সমাজত কুসংস্কাৰ, অন্ধবিশ্বাস দূৰ কৰি ছাত্ৰ-ছাত্ৰী সকলক সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাব পৰাকৈ আগস্ত ইন্টাৰনেচনেল ফাউণ্ডেশ্যন নামৰ বিজ্ঞান সংস্থাটোৱে বিভিন্ন সময়ত ভিন্ন ধৰণৰ বিজ্ঞান ভিত্তিত কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । তাৰে সমান্তৰালকৈ সোমবাৰে আগাষ্টিয়া ইন্টাৰনেচনেল ফাউণ্ডেশ্যনৰ উদ্যোগত বিটিআৰ চৰকাৰ আৰু ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত এখনি বিজ্ঞান মেলা অনুষ্ঠিত কৰে ।
উক্ত মেলাত বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে বিভিন্ন ধৰণ বৈজ্ঞানিক সামগ্ৰী প্ৰস্তুত কৰি বিশ্লেষণ কৰাৰ লগতে মানৱ শৰীৰৰ অংগ সমূহৰ বিষয়ে সবিশেষ দাঙি ধৰে । এই মেলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল বৈজ্ঞানিক মানসিকতা বৃদ্ধি হোৱাৰ লগতে আন বহু দিশত উপকৃত হ'ব পাৰিব বুলি কয় বিদ্যালয়ৰ শিক্ষকসকলে । আনহাতে,ছাত্ৰ ছাত্ৰী সকলেও এই মেলাৰ জৰিয়তে নজনা বহু কথা শিকিব পৰিব বুলি কয় । তেওঁলোকে লগতে বিজ্ঞানৰ প্ৰতি অধিক আগ্ৰহী হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে ।