ETV Bharat / state

পথ দুৰ্ঘটনাত পূজাৰীৰ মৃত্যুত উত্তপ্ত ওদালগুৰি - etv bharat

ওদালগুৰিৰ ভৈৰৱকুণ্ডত সংঘটিত পথ দূৰ্ঘটনা । ঘটনাত নিহত টংকেশ্বৰ ডেকা নামৰ এজন চাইকেল আৰোহী । ভৈৰৱকুণ্ডস্থিত পূণ্য তীৰ্থ তপবন সৎ সংগ বিহাৰৰ পূজাৰী আছিল লোক জন ।

পথ দুৰ্ঘটনাত পূজাৰীৰ মৃত্যুত উত্তপ্ত ওদালগুৰি
author img

By

Published : Jul 29, 2019, 4:13 AM IST

ওদালগুৰি, 29 জুলাই: এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে নিশা উত্তপ্ত হৈ পৰে ওদালগুৰি অসামৰিক চিকিৎসালয় । দেওবাৰে দিনৰ ভাগত ভৈৰৱকুণ্ডত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এই পৰিস্থিতি সৃষ্টি হয় চিকিৎসালয় খনত ৷ ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ এটা বৃহৎ দল উপস্থিত হৈ নিয়ন্ত্ৰণৰ চেষ্টা কৰে পৰিস্থিতি ৷ ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস দিয়াত হে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷

জানিব পৰা মতে, দেওবাৰে আবেলি ৪ মান বজাত ভৈৰৱকুণ্ডস্থিত পূণ্য তীৰ্থ তপবন সৎ সংগ বিহাৰৰ পূজাৰী টংকেশ্বৰ ডেকাই চাইকেলেৰে আহি থকা অৱস্থাতে খুণ্ডিয়াই ঠৈ যায় এখন নম্বৰ প্লেটবিহীন বাহনে ৷ এই ঘটনাত পূজাৰীজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে সামান্য পৰিমানে আহত হয় বাইকত থকা মঙলদৈৰ পৰশমণি ব্ৰহ্ম আৰু সম্মৃদ্ধি ডেকা ৷ ইয়াৰ পিছতে আহত তিনি জনকে ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈ যদিও চিকিৎসাধীন অৱস্থাতে মৃত্য হয় পূজাৰী টংকেশ্বৰ ডেকাৰ ৷ পূজাৰী জনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে চিকিৎসালয় খনত ভিৰ কৰে পূজাৰী জনৰ গুনমুগ্ধ সকলে ৷ ইয়াৰ মাজতে ঘটনা সংঘটিত কৰা যুৱক দুজনক আৰক্ষীয়ে চিকিৎসালৰ পৰা থানালৈ আনিব বিচৰাত উত্তপ্ত হৈ পৰে চিকিৎসালয় খনৰ পৰিস্থিতি ৷ যুৱক দুজনৰ বাহনৰ নথি-পত্ৰ নথকাৰ অভিযোগ কৰাৰ লগতে ঘটনা সংঘটিত কৰাৰ বাবে যুৱক দুজনক গ্ৰেপ্তাৰৰ দাবী কৰে ভক্ত সকলে ৷ বৰ্তমান ঘটনা সংঘটিত কৰা দুই যুৱকক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ওদালগুৰি আৰক্ষীয়ে ৷

Intro:
ওদালগুৰিৰ ভেৰৱকুণ্ডত ভয়ানক পথ দূৰ্ঘটনা।
ঘটনাত নিহত টংকেশ্বৰ ডেকা নামৰ এজন চাইকেল আৰোহী।ভৈৰৱকুণ্ডস্থিত পূণ্য তীৰ্থ তপবন সৎ সংগ বিহাৰৰ পূজাৰী আছিল লোক জন।
পূজাৰী জনৰ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰে ওদালগুৰি অসামৰিক চিকিৎসালয়।
ঘটনা সংঘটিত কৰা বাইক আৰোহী পৰশমণি ব্ৰহ্ম আৰু সম্মৃদ্ধি ডেকাক গ্ৰেপ্তাৰৰ দাবী।Body:
এটা পথ দূৰ্ঘটনাৰ কেন্দ্ৰ কৰি দেওবাৰে নিশা উত্তপ্ত হৈ পৰিল ওদালগুৰি অসামৰিক চিকিৎসালয়। দিনৰ ভাগত ভৈৰৱকুণ্ডত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাৰ কেন্দ্ৰ কৰিয়েই এই পৰিস্থিতি সৃষ্টি হৈ চিকিৎসালয় খনত। জানিব পৰা মতে দেওবাৰে আবেলি ৪ মান বজাত ভৈৰৱকুণ্ডস্থিত পূণ্য তীৰ্থ তপবন সৎ সংগ বিহাৰৰ পূজাৰী টংকেশ্বৰ ডেকাই মন্দিৰৰ বজাৰ কৰিবলৈ চাইকেলেৰে আহি থকা অৱস্থাতে এখন নম্বৰ বিহিন পালচাৰ বাইকে খুণ্ডিয়াই যায়। এই ঘটনাত পূজাৰীজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাইকত থকা মঙলদৈৰ পৰশমণি ব্ৰহ্ম আৰু সম্মৃদ্ধি ডেকা সামান্য পৰিমানে আহত হৈ। ইয়াৰ পিছতে আহত তিনি জনকে ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰা হৈ যদিও চিকিৎসাধীন অৱস্থাত মৃত্য হৈ পূজাৰী টংকেশ্বৰ ডেকাৰ। পূজাৰী জনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে চিকিৎসালয় খনত ভিৰ কৰে পূজাৰী জনৰ গুনমুগ্ধ সকলে। ইয়াৰ মাজতে ঘটনা সংঘটিত কৰা যুৱক দুজনক আৰক্ষীয়ে চিকিৎসালৰ পৰা থানালৈ আনিব বিচৰাত উত্তপ্ত হৈ পৰে চিকিৎসালয় খন। যুৱক দুজনৰ গাড়ীৰ কাগজ পত্ৰ নথকাৰ অভিযোগ কৰাৰ লগতে ঘটনা সংঘটিত কৰাৰ বাবে যুৱক দুজনক গ্ৰেপ্তাৰৰ দাবী কৰে ভক্ত সকলে। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু চি আৰ পি এফৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে। ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস দিয়াত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে। বৰ্তমান আৰক্ষীয়ে ঘটনা সংঘটিত কৰা দুই যুৱকক আটক কৰি ওদালগুৰি থানাত সোধ পোচ কৰি আছে বুলি জানিব পৰা গৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.