কলাইগাঁও, 29 ছেপ্টেম্বৰঃ কলাইগাঁওত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা । 70 বছৰীয়া বৃদ্ধৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী ছয় বছৰীয়া কন্যা শিশু ৷
ঘটনা অনুসৰি, দেওবাৰে প্ৰতিবেশী ছিৰাজ আলি নামৰ বৃদ্ধ জনে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত নিজৰ ঘৰলৈ ফুচুলাই মাতি নিয়ে ভুক্তভোগী ছয়বছৰীয়া কণমানিজনীক । তাৰ পিছতেই ছিৰাজ আলি নামৰ লোকজনে নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিবলৈ চেষ্টা চলায় ।
উল্লেখ্য যে, শিশুটিৰ মাতৃয়ে তাইক বিচাৰি যোৱাত এটি ঘৰৰ কোঠালিত ফেনৰ শব্দ শুনি কোঠালৈ সোমাই যোৱাত অৰ্ধ উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে লম্পট ছিৰাজ আলিক ৷ এই ঘটনা সংঘটিত কৰিয়ে ছিৰাজ আলিয়ে পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে ধৰি উত্তম-মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে লম্পট ছিৰাজ আলিক ।