ETV Bharat / state

বিকাশ বিচাৰি হাবাথুৰি ভাৰত-ভূটান সীমান্তৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 11:03 AM IST

উন্নয়নৰ ছাঁ নপৰা অসমৰ এটা অঞ্চল ৷ বাৰিষা কালৰ কথা বাদেই, খৰালি কালতো উক্ত পথেৰে যাতায়ত কৰিবলৈ ৰাইজে বহুবাৰ চিন্তা কৰিবলগীয়া হয় ৷ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছি-বাদলাপাৰা সংযোগী পথৰ টেংকীবস্তীৰ পৰা ঘোপাকোনালৈ যোৱা পথৰ দুৰৱস্থাৰ বাবে চৰম যমৰ যাতনা ভোগ কৰিব লগা হৈছে কেইবাখনো গাঁৱৰ ৰাইজে ৷

Public Demand repairing the poor road
পথৰ বাবে যমৰ যাতনা ৰাইজৰ
পথৰ বাবে যমৰ যাতনা ৰাইজৰ

ওদালগুৰি, 25 নৱেম্বৰ: অমৃত কালত দেশ তথা ৰাজ্য প্ৰগতিৰ পথতত বুলি ফটা ঢোল কোৱাই থকা চৰকাৰ দিনতে পোহৰলৈ আহিছে উন্নয়নৰ আন এক পঁয়া লগা ছবি ৷ উন্নয়ৰ ছাঁটো নপৰা অঞ্চলটো আছে পানেৰী সমষ্টিৰ অন্তৰ্গত ভেৰগাঁৱত ৷ আনহাতে, বি টি আৰক চুইজাৰলেণ্ড সজোৱাৰ কথা কোৱা বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ নাই কোনো উমঘাম ৷ যাৰ বাবে উপায়বিহীন হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ ৷

পানেৰী সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছি-বাদলাপাৰা সংযোগী পথৰ টেংকীবস্তীৰ পৰা ঘোপাকোনালৈ যোৱা পথৰ দুৰৱস্থাৰ বাবে চৰম যমৰ যাতনা ভোগ কৰিব লগা হৈছে কেইবাখনো গাঁৱৰ ৰাইজে ৷ নাই সুচল পথ, যি খন দলং আছে সেইখনৰো জহি খহি শেষ হওঁ হওঁ অৱস্থা ৷ বাৰিষা কালৰ কথা বাদে খৰালি কালতো উক্ত পথেৰে যাতায়ত কৰিবলৈ বহু বাৰ চিন্তা কৰিবলগীয়া হয় বুলি ক্ষোভ উজাৰে স্থানীয় ৰাইজে ৷

আনহাতে, নিৰ্বাচনৰ সময়ত পথ আৰু দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কোনো ধৰণ ব্যৱস্থা গ্ৰহণ নকৰিলে বি টি আৰ প্ৰশাসন অথবা ৰাজ্য চৰকাৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি, পথ আৰু দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা বিধাসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিটিআৰৰ ই এমক বহুবাৰ আবেদন নিবেদন কৰিও সুফল পোৱা নাই বুলি উল্লেখ কৰে ৰাইজে ৷

ৰাইজে কয়, ‘‘কেইবা বছৰৰ পূৰ্বে হুলীয়া নদীৰ ওপৰত নিৰ্মিত আৰ চি চি দলঙখনৰ দুয়োটা মূৰ বাঢ়নী পানীয়ে খহাই নিছিল ৷ কিন্তু আজিলৈকে দলঙখনৰ মেৰামতিৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ ফলত অতি বিপদ সংকুলভাৱে দৈনিক যাতায়ত কৰিব লগীয়া হৈছে ৷ উক্ত দলঙখনৰ বাবে আমাৰ অঞ্চললৈ এম্বুলেন্স নাহে ৷ বাৰিষা আহিলেই বহিঃবিশ্বৰে যোগাযোগ বন্ধ হৈ পৰে ৷’’

লগতে পঢ়ক:জৰাজীৰ্ণ বাঁহৰ দলেঙৰ বাবে যমৰ যাতনা ৰাইজৰ, কাণসাৰ নাই জনপ্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.