ETV Bharat / state

ওদালগুৰিত ভাৰতীয় জনতা পাৰ্টীৰ জনজাগৰণ সভা

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 8:41 PM IST

শনিবাৰে ওদালগুৰিত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ জনজাগৰণ সভা ৷ সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ দিলীপ শইকীয়াৰ উপৰিও বহুকেইগৰাকী বিজেপি নেতা ৷

awareness program bjp
ওদালগুৰিত ভাৰতীয় জনতা পাৰ্টীৰ জনজাগৰণ সভা
ওদালগুৰিত ভাৰতীয় জনতা পাৰ্টীৰ জনজাগৰণ সভা

ওদালগুৰি, 25 নৱেম্বৰ : "বিটিচিত পূৰ্বতকৈ বিজেপিৰ ভেটি শক্তিশালী হৈছে ৷ বিটিচিত বিজেপিক কোনেও ৰখাব নোৱাৰে ৷ বিগত সময়ত বিটিচিত বিপিএফ হাৰিছে, এইবাৰো হাৰিব ৷ বিপিএফৰ সত্তৰ শতাংশ লোক এতিয়া বিজেপিৰ কৰ্মী ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিটিচি এলেকাত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব ৷’’ এই দাবী মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

শনিবাৰে ওদালগুৰি জিলাৰ ননৈ চেৰফাঙত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাত উপস্থিত হৈ হাজাৰ হাজাৰ দলীয় সমৰ্থকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কৰে কেতবোৰ দাবী ৷ ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই অসমত বিজেপিয়ে ৰাইজক বিনামূলীয়া চাউল, অৰুণোদয় আঁচনিৰ সুবিধা ইত্যাদি প্ৰদান কৰাৰ উপৰি স্বচ্ছতাৰে হাজাৰ-হাজাৰ নিবনুৱাক নিযুক্তি দিয়া বুলি দাবী কৰে ৷

মন্ত্ৰী হাজৰীকাই কয় যে ভাৰতৰ আন কোনো ৰাজ্যৰ চৰকাৰে অসমৰ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ দৰে কাম কৰিবলৈ সক্ষম হোৱা নাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে চাহ শ্ৰমিকৰ সন্তানৰ বাবে ৰাজ্য চৰকাৰৰ চাকৰিত সংৰক্ষণৰ দৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷ তেওঁ কয় যে এয়া কেৱল বিজেপিৰ বাবেহে সম্ভৱ ৷ ইয়াৰ বাবে ৰাজ্য বা কেন্দ্ৰত বিজেপি চৰকাৰৰ প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সকলোকে বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনায় ৷

শনিবাৰে অনুষ্ঠিত সভাখনত সাংসদ দিলীপ শইকীয়া, বিটিচিৰ ই এম সঞ্জিৎ তাঁতি, বিজেপি নেতা জোশ্ৰাং বড়ো প্ৰমুখ্যে বহু সংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতেই বিভিন্ন মন্তব্য কৰে আজমলে : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.