দৰং, 15 ছেপ্টেম্বৰ : ওদালগুৰি জিলাৰ কলাইগাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ ৷ দল সংগঠন আৰু শতাধিক স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্যালয়টোত । কলাইগাঁও আছু আৰু সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিৰ ৰ সহযোগত কলাইগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়টো কেইবা শতাধিক লোকে ঘেৰাও কৰে ।
উল্লেখযোগ্য যে বিভাগটোৰ উপ সংমণ্ডল বিষয়াই নিজৰ ময়মতালিৰে বহু বছৰৰ পৰা ব্যৱহৃত মিটাৰ সলনি অথবা পৰীক্ষা নকৰাকৈয়ে উপভোক্তাৰ মাচুল সংগ্ৰহ কৰি আহিছে । যেতিয়াই উপভোক্তাই অভিযোগ লৈ যায় তেতিয়াই বিষয়া মৃন্ময় ডেকাই কাৰ্যালয়ৰ পৰা বিভিন্ন ধৰণৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উৎথাপন কৰে সংগঠন কেইটাই । সম্প্ৰতি দুয়োটা সংগঠনে বিষয়া গৰাকীৰ ওপৰত বিভাগীয় তদন্তৰ জৰিয়তে শীঘ্ৰে নিলম্বনৰ দাবী তোলে ।
লগতে পঢ়ক : বিশ্বখনিকৰৰ প্ৰতিমাত শেষ পৰশ বোলোৱাত ব্যস্ত মৃৎশিল্পী