ETV Bharat / state

গেলাবিলত দুৰ্ঘটনা ৰোধ কৰিবলৈ নাম কীৰ্ত্তন - prayers for road accident victims at orang gelabil

৪৮ ঘণ্টাতে পথটোত সংঘটিত ৭ টাকৈ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৮ জন লোক । বিগত দুদিনতে পথটোত সংঘটিত হোৱা ধাৰাবাহিক দুৰ্ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাষত বাস কৰা লোকসকল ৷

গেলাবিলত দুৰ্ঘটনা ৰোধ কৰিবলৈ নাম কীৰ্ত্তন
author img

By

Published : Nov 22, 2019, 6:11 PM IST

ওদালগুৰি, 22 নৱেম্বৰঃ ওৰাঙৰ গেলাবিলত দুৰ্ঘটনা ৰোধৰ বাবে স্থানীয় ৰাইজৰ নাম কীৰ্ত্তন ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰে নাম কীৰ্ত্তনৰ জৰিয়তে ৷ উল্লেখ্য যে, ওদালগুৰি জিলাৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ধাৰাবাহিক পথ দুৰ্ঘটনাত ম্ৰিয়মান হৈ পৰিছে ঘাইপথটোৰ দাতিকাষৰীয়া অঞ্চলৰ লোকসকল । ৪৮ ঘণ্টাতে পথটোত সংঘটিত ৭ টাকৈ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৮ জন লোক। বিগত দুদিনতে পথটোত সংঘটিত হোৱা ধাৰাবাহিক দুৰ্ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাষত বাস কৰা লোকসকল। ওৰাঙৰ গেলাবিলত পথ দুৰ্ঘটনাত বুধবাৰে ৮ জন লোকৰ মৃত্যু হোৱা স্থানতে শুকুৰবাৰে অঞ্চলটোৰ ৰাইজে একত্ৰিত হৈ নাম কীৰ্ত্তন কৰি দুৰ্ঘটনাত মৃত লোক সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পুনৰ দুৰ্ঘটনা সংঘটিত নোহোৱা কামনা কৰি প্ৰাৰ্থনা কৰে।

গেলাবিলত দুৰ্ঘটনা ৰোধ কৰিবলৈ নাম কীৰ্ত্তন

আনহাতে,পথটোৰ সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ পথটো শীঘ্ৰে ৪ লেন যুক্ত পথলৈ উন্নীত কৰাৰ লগতে স্পীড্ ব্ৰেকাৰৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনাই অঞ্চলটোৰ লোকসকলে। ইপিনে ঘাইপথটোত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাক লৈ চিন্তিত হৈ পৰিছে আৰক্ষী প্ৰশাসন। আৰক্ষীয়ে এই সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ আৰু ৰোধ কৰাৰ বিষয়ে আগন্তুক ২৬ নৱেম্বৰত এখন বিশেষ সভাৰো আয়োজন কৰিছে বুলি জানিব পৰা গৈছে । এই সভাতে পথ দুৰ্ঘটনাৰ কাৰণ সমূহ বিশ্লেষণ কৰাৰ লগতে দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাৱধানতাৰ বিষয়ে আলোচনা কৰিব আৰক্ষীয়ে ।

লগতে পঢ়কঃ বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক

Intro:১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ব ধৰিছে ধাৰাবাহিক পথ দূৰ্ঘটনা

গেলাবিলত ৰাইজে নাম কীৰ্ত্তন কৰি দূৰ্ঘটনাত মৃত্যু হোৱাৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পুনৰ দূৰ্ঘটনা সংঘটিত নহবৰ বাবে কৰিছে প্ৰাথনা

যোৱা ৪৮ ঘণ্টাতে পথটোত সংঘটিত ৭ টাকৈ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৮ জন লোক।Body:

ওদালগুৰি জিলাৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ধাৰাবাহিক পথ দূৰ্ঘটনাত ম্ৰিয়মান হৈ পৰিলে ঘাইপথটোৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল। যোৱা ৪৮ ঘণ্টাতে পথটোত সংঘটিত ৭ টাকৈ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৮ জন লোক। যোৱা দুটিনতে পথটোত সংঘটিত হোৱা ধাৰাবাহিক দূৰ্ঘটনাকলৈ এতিয়া সংকিত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাষত বাস কৰা লোক সকল। ওৰাঙৰ গেলাবিলত পথ দূৰ্ঘটনাত বুধবাৰে ৮ জন লোকৰ মৃত্যু হোৱা স্থানতে আজি অঞ্চলটোৰ ৰাইজে একত্ৰিত হৈ নাম কীৰ্ত্তন কৰি দূৰ্ঘটনাত মৃত লোক সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পুনৰ দূৰ্ঘটনা সংঘটিত নোহোৱা কামনা কৰি প্ৰাৰ্থনা কৰে। অঞ্চলটোৰ আয়তি সকলে হাতে হাতে নাগাৰা তাল লৈ নাম - কীৰ্ত্তন কৰি ৰাষ্ট্ৰীয় ঘাইপথটো পৰিভ্ৰমনো কৰে। আনহাতে পথটোৰ সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ পথটো অতি শীঘ্ৰে ৪ লেন যুক্ত পথলৈ উন্নীত কৰাৰ লগতে স্পিড ব্ৰেকাৰৰ ব্যৱস্থা পৰিবলৈও চৰকাৰক দাবী জনাই অঞ্চলোটোৰ লোক সকলে। ইপিনে ঘাইপথটোত সংঘটিৰ ধাৰাবাহিক পথ দূৰ্ঘটনাটোত চিন্তিত হৈ পৰিছে আৰক্ষী প্ৰশাসনে। আৰক্ষীয়ে এই সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ আৰু ৰোধ কৰাৰ বিষয়ে অহা ২৬ নবেম্বৰ তাৰিখে এখন বিশেষ সভাৰো আয়োজন কৰিছে বুলি জানিব পৰা গৈছে। এই সভাতে পথ দূৰ্ঘটনাৰ কাৰণ সমূহ বিশ্লেষন কৰাৰ লগতে দূৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰিব পৰা সাৱধানতাৰ বিষয়ে আলোচনা কৰিব আৰক্ষীয়ে।
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.