ৰৌতা, ১ অক্টোবৰ: বিটিআৰত বসবাস কৰা উড়িয়া জনগোষ্ঠী লোকসকলৰ এক প্ৰধান আৰু দীৰ্ঘদিনীয়া দাবী হৈছে উড়িয়া ভাষা ও সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন কৰা ৷ উড়িয়া জনগোষ্ঠী লোকসকলৰ দীৰ্ঘদিনীয়া দাবী সম্পূৰ্ণ হোৱাৰ পথত ৷ আজি উড়িয়া ভাষা ও সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ আধাৰশিলা শুভ উন্মোচন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই (BTR Chief Executive Member Pramod Boro)।
আধাৰশিলা শুভ উন্মোচন কৰি বি টি আৰৰ প্ৰধানগৰাকীয়ে কয় যে ৰাজনৈতিক প্ৰেক্ষাপটত অহাৰ আগৰ পৰাই তথা সংগ্ৰাম কৰি থকা দিনৰ পৰাই উড়িয়াসকলৰ সৈতে তেওঁৰ এক মধুৰ সম্পৰ্ক থকা বুলি উল্লেখ কৰে (Pramod Boro Inaugurate of Foundation Stone of Oriya Language ) ।
এই গৱেষণা কেন্দ্ৰটো ৪০ (চল্লিছ) লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব বুলি জনোৱাৰ লগতে উড়িয়া জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১০ (দহ) লাখ টকা ব্যয়েৰে অতি শীঘ্ৰে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ বিটিআৰ চৰকাৰে নিৰ্মাণ কৰিব বুলি জনায় প্ৰমোদ বড়োই (Foundation stone of Oriya Language and Cultural Research Center) ।
অনুষ্ঠানত উপস্থিত থকা বিটিআৰৰ কাৰ্যবাহী সদস্য তথা উড়িয়া জনগোষ্ঠীৰ সন্তান সঞ্জীত তাঁন্তীয়ে এই কেন্দ্ৰটি কচুবিলত দিয়াৰ বাবে বিটিচি চৰকাৰখনক ধন্যবাদ জনায় কয় যে, ১৭ বছৰে বিপিএফ য়ে কৰিব নোৱাৰা কাম আমাৰ চৰকাৰখনে কম দিনৰ ভিতৰত কৰি দেখুৱালে |
এই অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তী, পানেৰী চাহ বাগিচাৰ পৰিচালক ৰক্তিম শৰ্মা উপাধ্যায়, খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ দিলীপ বড়ো, ওড়িয়া যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষীধৰ তাঁন্তীকে ধৰি উড়িয়া জনগোষ্ঠীৰ সৰ্বসাধাৰণ ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক: লংকা আঞ্চলিক শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ স্থায়ী তোৰণ উন্মোচন