ওদালগুৰি, 20 মাৰ্চ: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ বাবেই অৱশেষত স্থগিত কৰা হ’ল বিটিচিৰ পৰিষদীয় নিৰ্বাচন । শুকুৰবাৰে অসমৰ নিৰ্বাচন আয়োগে বিটিচি নিৰ্বাচন স্থগিত ঘোষণা কৰাৰ পিচতেই আয়োগৰ সিদ্ধান্তক আদৰণি জনায় ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োই কয়, ‘‘মানুহৰ জীৱনৰ সুৰক্ষা ডাঙৰ কথা,নিৰ্বাচনটো ডাঙৰ নহয়। নিৰ্বাচন পিচতো পাতিব পৰা যাব । গতিকে আমি আয়োগৰ সিদ্ধান্তক আদৰণি জনাইছো ৷’’ নেতাজনে নিৰ্বাচন আয়োগে পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰিবলগীয়া নিৰ্বাচনক লৈ সাজু থকা বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে । প্ৰমোদ বড়োৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে নিৰ্বাচন স্থগিত কৰা কাৰ্যক আদৰণি জনায় ।
উল্লেখ্য যে,শুকুৰবাৰে ওদালগুৰি জিলাৰ গেৰুৱাত ইউপিপিএলৰ এখন নিৰ্বাচনী সভাত উপস্থিত হৈছিল নেতা দুজন। এই নিৰ্বাচনী সভাত প্ৰমোদ বড়োৱে হাগ্ৰামাক তীব্ৰ সমালোচনা কৰাৰ লগতে এইবাৰ ইউপিপিএল দলে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।
লগতে চাওক- 223 লৈ ভাৰতত বৃদ্ধি কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা