ETV Bharat / state

Amrit brikshya andolan : ওদালগুৰিৰ অসম-অৰুণাচল সীমান্তৰ চিকাৰীডাংগাত 24 ঘন্টাত 10 লাখ গছপুলি ৰোপণ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 9:38 PM IST

বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ অসম-অৰুণাচল সীমান্তৰ চিকাৰীডাংগাৰ প্ৰায় এহাজাৰ বিঘা মাটিত 24 ঘন্টাৰ ভিতৰত দহ লাখ গছপুলি ৰোপণ ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Amrit brikshya andolan
এহাজাৰ বিঘা মাটিত 24 ঘন্টাৰ ভিতৰত দহ লাখ গছপুলি ৰোপণ
24 ঘন্টাত 10 লাখ গছপুলি ৰোপণ

ওদালগুৰি, 14 ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ অমৃত বৃক্ষ অভিযানৰ অধীনত বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ অসম-অৰুণাচল সীমান্তৰ চিকাৰীডাংগাৰ প্ৰায় এহাজাৰ বিঘা মাটিত 24 ঘন্টাৰ ভিতৰত দহ লাখ গছপুলি ৰোপনেৰে অভিলেখ সৃষ্টিৰ প্ৰয়াস ৷ আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, 8 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি এক কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাবে বিটিআৰত 24 ঘন্টাত 10 লাখ গছপুলি ৰোপনৰ পদক্ষেপ সকলোৰে বাবে আদৰণীয় হ’ব লাগে ৷ তেওঁ কয় যে, অসমত সম্প্ৰতি আন্দোলনৰ ধাৰাৰ পৰিবৰ্তন হৈছে ৷ ইয়াত পঢ়াৰ আন্দোলন, ক্ৰীড়াৰ আন্দোলন, পৰিৱেশ ৰক্ষাৰ বাবে গছপুলি ৰোপণ তথা উন্নয়নৰ আন্দোলন চলিছে ৷

লগতে পঢ়ক : Assam Assembly Autumn session: বনানীকৰণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ বিজেপি বিধায়ক অতুল বৰাৰ

অমৃত বৃক্ষ অভিযানৰ অধীনত অহা বছৰ ৰাজ্যত 5 কোটি গছপুলি ৰোপনৰ পদক্ষেপ গ্ৰহণৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সাংসদ দিলীপ শইকীয়াই বক্তব্য আগবঢ়াই বিটিআৰত বিজেপি-ইউপিপিএল-জিএছপি সন্মিলিত পাৰিষদীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নেতৃত্বত শান্তি-প্ৰগতি আৰু উন্নয়নৰ ধাৰা প্ৰবাহিত হোৱাৰ সমান্তৰালকৈ সুৰক্ষিত ভৱিষ্যত প্ৰজন্মৰ বাবে এই অমৃত বৃক্ষৰোপনৰ জৰিয়তে এখন সুৰক্ষিত পৃথিৱী উপহাৰ দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ৷ সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে ধৰি বিটিচিৰ পাৰিষদসকলৰ উপৰিও যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, গছপুলি ৰোপনৰ লক্ষ্যৰে অসম চৰকাৰে এক বিশাল তথা অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যত একেদিনাই এক কোটি গছপুলি ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰে ৷ ১৭ ছেপ্টেম্বৰত বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত সমগ্ৰ অসমত এক কোটি গছপুলি ৰোপণ কৰা হ'ব । অমৃত বৃক্ষ আন্দোলন নামেৰে নামাকৰণ কৰা এই কাৰ্যসূচীৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব তিনিশ কোটি টকা । ইতিমধ্যে জিলাই জিলাই অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷

লগতে পঢ়ক : Amrit brikshya andolan:মৰিগাঁৱত অমৃত বৃক্ষ আন্দোলন উপলক্ষে ইতিমধ্যে তিনি লাখ পুলি বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.