ওদালগুৰি, 14 জুন: যুদ্ধ বিৰতিত থকা আত্ম সমৰ্পণকাৰী সশস্ত্ৰ সংগঠনৰ সদস্য সকলক স্বাৱলম্বী কৰি তোলাৰ বাবে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে গ্ৰহণ কৰিছে পদক্ষেপ ৷ মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থী সদস্য সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে "স্বাৱলম্বন" নামেৰে আৰম্ভ কৰা হৈছে এখন বিশেষ আঁচনিৰ ৷ উক্ত আঁচনিখনৰ জৰিয়তে মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থী সদস্য সকলক ৫০ হাজাৰ টকা সাহাৰ্য আৰু ৫০ হাজাৰ টকা ঋণ হিচাপে মুঠ ১ লাখ টকা প্ৰদান কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ । উল্লেখ্য যে, সন্ত্ৰাসবাদৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহি বিভিন্ন পশু পালনৰে স্বাৱলম্বী হ’ব পৰাকৈ আৰম্ভ কৰা এই আঁচনিৰ দ্বাৰা এন ডি এফ বি প্ৰগতিশীলৰ ১২০ জন আৰু এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১০০ জন কেডাৰক সামৰি লোৱা হয় ।
সেই উদ্দেশ্যে বৃহস্পতিবাৰে সোনাই গাঁওস্থিত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ যুদ্ধ বিৰতি শিৱিৰত এক প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা হয় ৷ উক্ত শিৱিৰত নতুন আঁচনিখনৰ জৰিয়তে বিভিন্ন ধৰণৰ পশু পালনেৰে কেনেকৈ লাভালাভ হ’ব পাৰি সেই সন্দৰ্ভত দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী দেৱাশীষ বৰা, বিজ্ঞানী কপিল দেৱ নাথ আৰু অধ্যাপক ধীৰেশ্বৰ কলিতাই । লগতে, এই প্ৰশিক্ষণ কাৰ্যসূচীত গৃহ বিভাগৰ পৰা কামিনি ডেকা উপস্থিত থাকে ।