ETV Bharat / state

মহামাৰীৰ মাজতো অব্যাহত বিটিচি নিৰ্বাচনৰ কুচকাৱাজ - মঙলদৈ লোকসভা সমষ্টি

বিটিচি নিৰ্বাচনৰ মূল অংশীদাৰ হিচাপে শাসনত ভাৰতীয় জনতা পাৰ্টীক আনিবলৈ দলটোৱে নিজৰ সৰ্বশক্তিৰে এই যুঁজখনত অৱতীৰ্ণ হৈছে ৷ ওদালগুৰিত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷

বিচিটি নিৰ্বাচন কুচকাৱাজ
বিচিটি নিৰ্বাচন কুচকাৱাজ
author img

By

Published : Jul 27, 2020, 1:52 PM IST

ওদালগুৰি, 27 জুলাই: আগন্তুক বিচিটি পৰিষদীয় নিৰ্বাচনৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছে বিপিএফ, ইউপিপিএল, বিজেপি ধৰি ভিন্ন ৰাজনৈতিক দলে ৷ এই ক্ষেত্ৰত অধিক তৎপৰতা দেখিবলৈ পোৱা গৈছে শাসনাধীন দলৰ ৷ সম্প্ৰতি মহামাৰী কৰ'ণাৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচন ৷ কিন্তু ইয়াৰ মাজতো প্ৰস্তুতি অব্যাহত ৰাখিছে ভিন্ন দলে ৷

মহামাৰীৰ মাজতো অব্যাহত বিটিচি নিৰ্বাচনৰ কুচকাৱাজ

শেহতীয়াকৈ ওদালগুৰিত অনুষ্ঠিত এখন দলীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই উল্লেখ কৰে যে, বৰ্তমানে দলটোৰ সকলো কৰ্মকৰ্তাই সক্ৰিয়ভাৱে দলৰ কাম কাজবোৰ অব্যাহত ৰাখিছে ৷ মহামাৰীৰ মাজতো অতি নিয়াৰিকৈ দলটোক কৰ্মকৰ্তা সকলে অব্যাহত ৰাখিছে জন সম্পৰ্কমূলক কাৰ্যসূচী ৷ লগতে মানুহৰ মুখে মুখে চলি অহা উৰা বাতৰিসমূহে সমৰ্থকসকলক এক বিপৰীত দৃষ্টিভংগী প্ৰদান কৰাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰি, বিটিচি নিৰ্বাচনৰ মূল অংশীদাৰ হিচাপে শাসনত ভাৰতীয় জনতা পাৰ্টীক আনিবলৈ দলটোৱে নিজৰ সৰ্বশক্তিৰে এই যুঁজখনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ আন দলৰ সহযোগ অবিহনেও বিজেপিয়ে এই যুদ্ধত অৱতীৰ্ণ হ'ব বুলিও উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক: তেজপুৰৰ গজৰাজ কৰ্পছত ভাৰতীয় সেনাৰ বিজয় দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.