ETV Bharat / state

Moral Policing : ৰৌতাত মৰেল পুলিচিঙৰ ঘটনা, গুৰুতৰভাৱে আহত যুৱক - Moral Policing incident in Rowta

ওদালগুৰি জিলাৰ ৰৌতাত মৰেল পুলিচিঙৰ ঘটনা (Moral Policing incident in Rowta)। একাংশ লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক । আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে মঙলদৈ লৈ প্ৰেৰণ ।

Moral Policing incident in Rowta
ৰৌতাত মৰেল পুলিচিঙৰ ঘটনা
author img

By

Published : Dec 14, 2022, 3:37 PM IST

ৰৌতাত মৰেল পুলিচিঙৰ ঘটনা

ৰৌতা, ১৪ ডিচেম্বৰ : ৰাজ্যত বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা (Moral Policing in Assam)। একাংশ লোকে আইন হাতত তুলি লৈ বিভিন্ন ধৰণৰ ঘটনাত লিপ্ত হোৱা দেখা যায় । অসমত মৰেল পুলিচিঙৰ দৰে ঘটনাত বহু লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে । আৰক্ষীয়ে এই ধৰণৰ ঘটনা ৰোধৰ বাবে বিভিন্ন পদক্ষেপ লৈছে যদিও এতিয়াও ঠায়ে ঠায়ে মৰেল পুলিচিঙৰ দৰে ঘটনা ঘটিয়ে আছে ।

এইবাৰ ওদালগুৰি জিলাৰ ৰৌতাত মৰেল পুলিচিঙৰ এক ঘটনা সংঘটিত হৈছে । দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক । সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন (One injured in moral policing incident)।

জানিব পৰা মতে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈগুলা গাঁৱত মঙলবাৰে আবেলি সংঘটিত হয় ঘটনাটো (Moral Policing incident in Rowta)। প্ৰেমৰ সম্পৰ্ক থকাৰ অপৰাধত ৰৌতাৰ পানীখাইতী গাঁৱৰ মুনছেৰ আলী নামৰ যুৱকজনক একাংশ লোকে মৰেল পুলিচগিৰি দেখুৱাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উঠিছে । দৈগুলা গাঁৱৰ এছাদ আলী, বাবু, মুক্তাৰ, ফকিৰ আদি লোকে যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱকজনৰ পৰিয়ালে । আহত যুৱকজনক আক্ৰমণকাৰী লোকসকলেই ৰৌতা আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে যুৱকজনক থানালৈ পঠিয়াই দিয়ে ।

পাছত ৰৌতা থানাৰ আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে পুনৰ ৰৌতাৰ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ মঙলদৈ লৈ প্ৰেৰণ কৰে । ইফালে ভুক্তভোগী যুৱকজনৰ পৰিয়ালে উদ্বেগ প্ৰকাশ কৰি কয় যে যদি যুৱকজনে অপৰাধ কৰিছিল তেন্তে আৰক্ষী তথা আইনৰ আশ্ৰয় ল'ব লাগিছিল । তাৰ পৰিৱৰ্তে আইন হাতত তুলি লোৱাৰ অধিকাৰ সেই সকল লোকক কোনে দিলে বুলি প্ৰশ্ন উত্থাপন কৰে পৰিয়ালটোৱে ?

এইক্ষেত্ৰত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিয়ালটোৱে দাবী জনাইছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনৰ পৰিয়ালে আৰক্ষীক অভিযোগ দিয়াৰ লগতে ঘটনা জড়িত সকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ।

লগতে পঢ়ক :Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.