ETV Bharat / state

ওৰাংত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড - "দাস মিঠাই" নামৰ প্ৰতিষ্ঠানটোৰ কাৰাখানা আৰু বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড

সোমবাৰে পুৱতি নিশা ওৰাঙত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । সুনীল দাসৰ "দাস মিঠাই" নামৰ প্ৰতিষ্ঠানটোৰ কাৰাখানা আৰু বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । যাৰ ফলত জাহ গ'ল কোটি টকাৰ সামগ্ৰী ৷

ওৰাংত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড
author img

By

Published : Nov 11, 2019, 12:13 PM IST

Updated : Nov 11, 2019, 12:26 PM IST

ওৰাং,11 নৱেম্বৰ : সোমবাৰে পুৱতি নিশা প্ৰায় 2.30 মান বজাত ওৰাঙৰ সুনীল দাসৰ "দাস মিঠাই" নামৰ প্ৰতিষ্ঠানটোৰ কাৰাখানাত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । যাৰ ফলত জাহ যায় প্ৰতিষ্ঠানটোৰ কাৰখানা সহ চাৰিটাকৈ বাসগৃহ । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নিজৰ লগতে কাৰখানা ৰক্ষাৰ চেষ্টা কৰে যদিও জুইয়ে আৱৰি ধৰে সমগ্ৰ অঞ্চল । অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও জুইয়ে ধ্বংসস্তূপত পৰিণত কৰে পৰিয়ালটোৰ বাসগৃহৰ লগতে কাৰখানাটো।

ওৰাংত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড

কাৰখানাটোত 2 লাখ টকাৰ মিঠাই থকাৰ উপৰিও বহু কোটি টকাৰ মিঠাই বনোৱা যন্ত্ৰ,চাৰিচকীয়া বাহন আদি মজুত আছিল। এই অগ্নিকাণ্ডৰ ফলত কোটি থকাৰ সামগ্ৰী জাহ যোৱাৰ লগতে সুনীল দাসৰ কণিষ্ঠ পুত্ৰৰ বিয়াৰ বাবে সাজু কৰি ৰখা বহু মূল্যবান সামগ্ৰীও জাহ যায় । আনহাতে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই যদিও শ্বট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে সুনীল দাসৰ পৰিয়ালে ৷

আৰু পঢ়ক: 7 দিন, ৰঞ্জন গগৈৰ হাতত বাকী 5 টা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰায়দান

Intro: ওৰাঙত ভয়াৱহ অগ্নিকাণ্ড।
যোৱা পুৱতি নিশা সংঘটিত হ'ল এই অগ্নিকাণ্ড।

সুনীল দাস নামৰ লোক জনৰ ঘৰত থকা তেখেতৰে দাস মিঠাই নামৰ প্ৰতিষ্ঠানটোৰ কাৰাখানাত আৰু বাসগৃহত সংঘটিত হৈ এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত জাহ গল কোটি টকাৰ সামগ্ৰীBody:
ওৰাঙত যোৱা পুৱতি নিশা সংঘটিত হল এক ভয়াৱহ অগ্নি কাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত জাহ ঘৰ কাৰখানা সহ চাৰিটাকৈ বাসগৃহ। জানিব পৰা মতে পুৱতি নিশা ২:৩০ মান বজাত ওৰাঙৰ সুনীল দাস নামৰ লোক জনৰ ঘৰত থকা তেখেতৰে দাস মিঠাই নামৰ প্ৰতিষ্ঠানটোৰ কাৰাখানাত ভয়াৱহ জুইৰ সুত্ৰপাত হয়। পিছত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোক সকল অৱগত হৈ নিজৰ লগতে কাৰখানাৰটো ৰক্ষা কৰাৰ চেষ্ট কৰে যদিও জুইয়ে আগুৰি পেলাই সমগ্ৰ অঞ্চলটো। অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ ৪ টাকৈ বাসগৃহও জ্বলি যায়। পিছত স্থানীয় লোক তথা অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিব সক্ষম হৈ যদিও জুইয়ে ধংস স্তুপত পৰিণত কৰে পৰিয়ালটোৰ বাসগৃহ সমূহৰ লগতে কাৰখানাটো। জানিব পৰা মতে কাৰ খানাটোত ২ লাখ টকাৰ মিঠাই থকাৰ ওপৰিও বহু কোটি টকাৰ মিঠাই বনোৱা যন্ত্ৰ চাৰি চকীয়া বাহন আদি মজুত আছিল ।এই অগ্নিকাণ্ডটোৰ ফলত কোটি থকাৰ এই সামগ্ৰী সমূহ জাহ যোৱাৰ উপৰিও সুনীল দাসৰ কনিষ্ঠ পুত্ৰৰ বিয়াৰ বাবে সাজু কৰি ৰখা সা-সামগ্ৰীৰ লগতে বহু মূল্যবান সোণৰ আ-অলংকাৰ আদিও জাহ যায়। আনহাতে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই যদিও চৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডটো সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

বাইট সমূহ পৰিয়ালৰ

Conclusion:
Last Updated : Nov 11, 2019, 12:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.