ETV Bharat / state

বঙালী সংগঠনৰ প্ৰতিবাদত উত্তাল কলাইগাঁও

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ এতিয়া সৰ্বত্ৰ ক্ষোভৰ জুই । বঙালী লোকক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত কলাইগাঁৱত সহশ্ৰাধিক লোকৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 20, 2019, 7:33 PM IST

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ এতিয়া সৰ্বত্ৰ ক্ষোভৰ জুই

কলাইগাঁও, 20 চেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল সংগঠন। শুকুৰবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱটো এন আৰ চিৰ পৰা বাদ পৰা বঙালী লোকক বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদে। কলাইগাঁও পৰিদৰ্শন বাংলাত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলা হায় হায়,এন আৰ চিৰ নামত হিন্দু বঙালীক হাৰাশাস্তি কৰা বন্ধ কৰক আদি বিভিন্ন শ্লগানেৰে প্ৰতিবাদস্থলী কঁপাই তোলে ।

বঙালী সংগঠনৰ প্ৰতিবাদত উত্তাল কলাইগাঁও

প্ৰতিবাদকাৰী সকলে BTF নামৰ যুদ্ধ বিৰতিত থকা বঙালী সশস্ত্ৰ সংগঠনৰ কেডাৰ সকলক সংস্থাপন প্ৰদানৰো দাবী জনাই। চৰকাৰে এই দাবী সমূহ পালন নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ ৰূপত আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও দাবী জনাই সংগঠনটোৱে। এই প্ৰতিবাদত কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আৰু বিটিচিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰেও অংশ গ্ৰহণ কৰে ।

Intro: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিক লৈ এতিয়া সৰ্বত্ৰ ক্ষোভৰ জুই । বঙালী লোকক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ চূড়ান্ত তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ দাবী বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনেৰ উদ্যগত কলাই গাঁৱত সহশ্ৰাধিক লোকৰ অৱস্থান ধৰ্মঘটBody:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছতে প্ৰতিবাদমূখৰ হৈ পৰিছে বিভিন্ন দল সংগঠন। আজি ওদালগুৰি জিলাৰ কলাইগাঁৱটো এন আৰ চিৰ পৰা বাদ পৰা বঙালী লোকক বিনাচৰ্তে অন্তৰ্ভুক্ত কৰিবলৈ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদে। কলাগাঁও পৰিদৰ্শন বাংলাত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলা হায় হায়, এন আৰ চিৰ নামত হিন্দু বঙালীক হাৰাশাস্তি কৰা বন্ধ কৰক, বঙালী সকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰক আদি বিভিন্ন শ্লগানেৰে কপাই তোলে প্ৰতিবাদস্থলী।প্ৰতিবাদকাৰী সকলে BTF নামৰ যুদ্ধ বিৰতিত থকা বঙালী সশস্ত্ৰ সংগঠনৰ কেডাৰ সকলক সংস্থাপন প্ৰদানৰো দাবী জনাই দাবীত। চৰকাৰে এই দাবী সমূহ পালন নকৰিলে পৰৱৰ্তী সময়ত অধিক তীব্ৰ ৰূপত আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও দাবী জনাই সংগঠনটোৱে। আজিৰ এই প্ৰতিবাদৰ কলাইগাও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আৰু বিটিচিৰ কাৰ্যবাদী সদস্য জগদীশ সৰকাৰেও অংশ গ্ৰহণ কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.