ETV Bharat / state

ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় তোৰণ মুকলি

author img

By

Published : Dec 30, 2019, 11:27 PM IST

নতুন বছৰৰ প্ৰাকক্ষণত ভৈৰৱকুণ্ডৰ পৰ্যটন ক্ষেত্ৰত ঘটোৱা হয় আন এক সংযোজন ৷ বনভোজস্থলীলৈ লোকসকলক আদৰিবলৈ সাজি উলিওৱা হৈছে এখন আটক ধুনীয়া তোৰণ ৷ ভাৰতৰ পৰা ভূটানলৈ যোৱা পথত নিৰ্মান কৰা হয় এই আন্তঃৰাষ্ট্ৰীয় তোৰণখন ৷

International Gate inauguration at Indo Bhutan Border
ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় তোৰণ মুকলি

ওদালগুৰি, 30 ডিচেম্বৰঃ অসমৰ এক অন্যতম তথা মনোৰম বনভোজস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড ৷ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সমাগমস্থলী ভৈৰৱকুণ্ডলৈ প্ৰতিবছৰে ডিচেম্বৰ-জানুৱাৰী মাহত সমাগম ঘটে লাখ লাখ লোকৰ ৷ নতুন বছৰৰ প্ৰাকক্ষণত ভৈৰৱকুণ্ডৰ পৰ্যটন ক্ষেত্ৰত ঘটোৱা হয় আন এক সংযোজন ৷ বনভোজস্থলীলৈ লোকসকলক আদৰিবলৈ সাজি উলিওৱা হৈছে এখন আটক ধুনীয়া তোৰণ ৷

ভাৰতৰ পৰা ভূটানলৈ যোৱা পথত নিৰ্মান কৰা হয় এই আন্তঃৰাষ্ট্ৰীয় তোৰণখন ৷ শিল্পীৰ যাদুকৰী হাতেৰ পৰশত তোৰণখনত প্ৰাণ পাইছে অসমীয়া গামোচা, আৰনাইকে ধৰি অসম গৌৰৱ এশিঙীয়া গড় ৷ সোমবাৰে তোৰণখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷

আনহাতে, তোৰণখনৰ সমীপতে ভাৰত-ভূটানৰ মাজত আলোচনা সভা তথা পৰ্যটকৰ জিৰণিৰ বাবে নিৰ্মান কৰা হৈছে এটি জিৰণি ঘৰ ৷ উক্ত জিৰণি ঘৰতো উদ্বোধন কৰে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োই ৷ উদ্বোধনী অনুষ্ঠানখনত উপস্থিত থাকে ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে ভূটানৰ প্ৰতিনিধি ৷ এই তোৰণ খনে ভৈৰৱকণ্ডলৈ অহা পৰ্যটক সকলক অধিক আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে সভাত উপস্থিত সকলোৱে ৷ তোৰণখনৰ দায়িত্ব এছ এছ বিৰ 23 নং বেটালিয়নক অনুষ্ঠানিক ভাবে প্ৰদান কৰে ওদালগুৰি জিলা প্ৰশাসনে ৷

লগতে পঢ়ক-পৰ্যটন ক্ষেত্ৰলৈ দুঃসংবাদ : হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা !

Intro:ভৈৰৱকুণ্ডত অন্ত: ৰাষ্ট্ৰীয় তোৰণ মুকলি

ভাৰতৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ যোৱা পথত নিৰ্মান কৰা হৈছে এই অন্ত: ৰাষ্ট্ৰীয় তোৰণ খন।

আজি অসমৰ চৰকাৰৰ কেবিনেট মন্ত্রী ৰিহণ দৈমাৰীয়ে
তোৰণ খন আনুষ্ঠানিক ভাৱে মুকলি কৰে।Body:for package

অসমৰ অন্যতম মনোৰম বনভোজস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড। ডিচেম্বৰ- জানুৱাৰী মাহত ভৈৰৱকুণ্ডলৈ বনভোজ খাবলৈ সমাগম ঘটে লাখ লাখ লোকৰ। এইবাৰ ভৈৰৱকুণ্ডলৈ অহা পৰ্যটকক আকৰ্ষণ কৰিবলৈ নতুনকৈ সংযোজন ঘটিল আতক ধুনীয়া তোৰণৰ। ভাৰতৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ যোৱা পথত নিৰ্মান কৰা হল এই অন্ত: ৰাষ্ট্ৰীয় তোৰণ খন। শিল্পীৰ যাদুকৰী হাতেৰে অংকন কৰা, অসমীয়া গামোচা, আৰণাই, অসম গৌৰৱ এশিঙীয়া গঁড়ৰ প্রতীক আদিয়ে অধিক আকৰ্ষিত কৰি তুলিছে তোৰণ খন।আজি অসমৰ চৰকাৰৰ কেবিনেট মন্ত্রী ৰিহণ দৈমাৰীয়ে
তোৰণ খন আনুষ্ঠানিক ভাৱে মুকলি কৰে।
তোৰণৰ সমীপতে ভাৰত- ভূটানৰ মাজৰ আলোচনা সভা আৰু পৰ্যটকৰ জিৰণিৰ বাবে নিৰ্মান কৰা হৈছে এটি জিৰণি ঘৰ । জিৰণি ঘৰটো উদ্বোধন কৰে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োই। আজিৰ এই অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ওদালগুৰি জিলাৰ উপযুক্ত প্রকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে ভুটানৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰে। উপস্থিত আটায়ে এই তোৰণ খনে ভৈৰৱকণ্ডলৈ অহা পৰ্যটক সকলক অধিক আকৰ্ষিত কৰিব বুলি আশা প্রকাশ কৰে। ইপিনে ওদালগুৰি জিলা প্ৰশাসনে এই তোৰণ খনৰ দায়িত্ব এছ এছ বিৰ 23 নং বেটেলিয়ানক অনুষ্ঠানিক ভাবে প্ৰদান কৰে।

BYTE- RIHON DAIMARY.
MINISTER

BYTE- OFFICER, BHUTAN Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.