ৰৌতা, 7 ডিচেম্বৰ: ওৰাং আৰক্ষীৰ বৃহৎ সফলতা । ওদালগুৰি জিলাৰ ওৰাঙত জব্দ অবৈধ টকাসহ দুজন ব্যক্তি (Illegal cash seized)। ওৰাং আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এখন ৰঙা ৰঙৰ এল্ট’ বাহনৰ পৰা জব্দ কৰে মুঠ ৩ লাখ ৩০ হাজাৰ অবৈধ টকা (Money seized by Orang Police)। লগতে আৰক্ষীয়ে জব্দ কৰিছে 4 লাখ টকাৰ এখন চেক ৷
আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি, মঙলবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গোপন খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে অনুসন্ধান চলাই AS 13 N 2551 নম্বৰৰ ৰঙা এল্ট’ বাহনৰ পৰা জব্দ কৰে টকাখিনি । লগতে ওৰাং আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে চাইদুল ইছলাম (৩৬) আৰু অচৰ আলি(২৫)৷ দুয়োৰে ঘৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত পাচনৈ ননকে গাঁৱত ।
অবৈধ টকাৰ সৈতে ধৃত সৰবৰাহকাৰী দুটাৰ পৰা এখন ৪ লাখ টকাৰ ভাৰতীয় ষ্টেট বেংকৰ চেক, দুটা ম’বাইল ফোন আৰু সন্দেহযুক্ত ৰাসায়নিক পদাৰ্থ ১০০ গ্ৰাম উদ্ধাৰ কৰিছে আৰক্ষীয়ে(Police recovered Cheque) । সম্প্ৰতি অবৈধ টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা দুয়োৰে বিৰুদ্ধে ৯১/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪২০/৪০৬/৩৪ আধাৰত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, ওৰাং আৰক্ষীয়ে তালাচী চলাই অবৈধ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা এই দুই অসাধু ব্যক্তিৰ বিৰুদ্ধে পূৰ্বেও বহু প্ৰবঞ্চনাৰ বহু গোচৰ ৰুজু হৈছে । প্ৰবঞ্চনাৰে লোক দুজনৰ লগতে এচাম অসাধু চক্ৰই বহু লোকৰ টকা দুগুণ কৰাৰ নামত লুটি আহিছিল লাখ লাখ টকা ।
লগতে পঢ়ক: Man bite many people: গোলাঘাটৰ মাজ মজিয়াত মানুহ কামোৰা মানুহৰ তাণ্ডৱ