দৰং,3 ডিচেম্বৰঃ ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণকলৈ এতিয়া ওদালগুৰি জিলাত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ পাচনৈ চেৰফাই সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দীপক মোড়ৰ সমৰ্থনত এটি বিশাল বাইকৰেলীত অংশ গ্ৰহণ কৰে ।
জিলা খনৰ মাজবাট চহৰৰ পৰা আৰম্ভ হোৱা এই বিশাল বাইক ৰেলীটো পাচনৈ চেৰফাং সমষ্টিৰ বহু গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰাৰ অন্তত ৰৌতা সমষ্টিৰ বঙালী গাঁৱত সামৰণি পৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পথৰ দুয়োকাষে থকা বহু লোকে ফুল, গামোছা আদিৰে উস্ম আদৰণি জনায় । সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাচনৈ চেৰফাং সমষ্টিত বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে । বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব লগীয়া ৯০ শতাংশ আসনতে বিজেপি জয়ী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী শৰ্মাই । মন্ত্ৰী গৰাকীয়ে বিটিআৰত বিজেপিৰ চৰকাৰ হ'ব বুলিও দাবী কৰে। এই বাইক ৰেলীটোত মন্ত্ৰী গৰাকীৰ লগত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস প্ৰমূখ্যে বহু কেইজন বিজেপি নেতাই অংশ গ্ৰহণ কৰে ।
লগতে পঢ়কঃ প্ৰতিবন্ধী দিৱসৰ দিনাই গুৱাহাটীত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ