ওদালগুৰি,16 এপ্ৰিল: ওদালগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰৰ দিনটোত ওদালগুৰি জিলাৰ কলাইগাঁৱৰ চেঙাপথাৰত মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত বিপিএফ দলে আয়োজন কৰা সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সভাত মন্ত্ৰীজনে বিজেপি চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন আঁচনি সম্বন্ধেও অৱগত কৰে ৰাইজক । আনহাতে 18 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 5 টা সমষ্টিতেই বিজেপিৰ জয় হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
ইপিনে দিলীপ শইকীয়াই সম্বোধন কৰা অন্তিমখন নিৰ্বাচনী সভা আজি মুখৰিত হৈ পৰে বিহু আৰু জিকিৰেৰে । সভাৰ অন্তত জিকিৰ আৰু বিহুগীত পৰিবেশন কৰে মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই ৷