ETV Bharat / state

এন ডি এফ বিৰ (স) সভাপতি ম্যানমাৰৰ জেলত থকাৰ সন্দেহ ! - এন ডি এফ বি প্ৰগতিশীল

"বৰ্তমান মাত্ৰ ৩৫ জন মান সদস্যহে আছে এন ডি এফ বি (এছ)ত ৷ এন ডি এফ বিৰ সংবিজিত গোট এতিয়া অস্তিত্বহীন ৷"- এন ডি এফ বিৰ প্ৰতিষ্ঠা দিৱসত এই বিস্ফোৰক মন্তব্য গোবিন্দ বসুমতাৰীৰ ৷

এন ডি এফ বিৰ (স) সভাপতি ম্যানমাৰৰ জেলত থকাৰ সন্দেহ !
author img

By

Published : Oct 3, 2019, 10:21 PM IST

ওদালগুৰি,3অক্টোবৰঃ "এন ডি এফ বিৰ সংবিজিত গোট এতিয়া অস্তিত্বহীন তেওঁলোক কেৱল এতিয়া কাগজৰ বাঘ । গোটটোৰ সভাপতিৰ দায়িত্বত থকা চাউৰাংগ্ৰায়ো এতিয়া ম্যানমাৰৰ জেলত থকাৰ সন্দেহ কৰা হৈছে । বৰ্তমান এন ডি এফ (স) ৰ মাত্ৰ ৩৫ জন মানহে সদস্য আছে ৷"- ওদালগুৰিৰ সাপখাইটিত থকা এন ডি এফ বি প্ৰগতিশীলৰ ডেজিগনেটেড শিৱিৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এন ডি এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই বিস্ফোৰক মন্তব্য কৰে বসুমতাৰীয়ে ।

এন ডি এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কি ক'লে শুনক গোবিন্দ বসুমতাৰীয়েঃ

এন ডি এফ বিৰ প্ৰতিষ্ঠা দিৱসত গোবিন্দ বসুমতাৰী

ইপিনে ভাৰত চৰকাৰৰ সৈতে সংবিজিত গোটৰ আলোচনাত সন্দৰ্ভত বসুমতাৰীয়ে কয় যে সংবিজিত গোটৰ লগত ভাৰত চৰকাৰে সুকীয়াকৈ অস্ত্ৰ বিৰতি চুক্তি নকৰে । যদি তেওঁলোকে আলোচনালৈ আহে তেন্তে আত্মসমৰ্পণ কৰিব লাগিব বুলিও কয় বসুমতাৰীয়ে ৷ ইফালে এসময়ত আৰক্ষী-সেনাৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এন ডি এফ বি (এছ)ৰ নেতা বি বিদাই সন্দৰ্ভতো বিস্ফোৰক তথ্য জনাই গোবিন্দ বসুমতাৰীয়ে । বৰ্তমান ভূটান সীমান্ত অঞ্চল সমূহত আশ্ৰয় লৈ থকা বি বিদাইৰ লগত এন ডি এফ বি প্ৰগতিশীলে যোগাযোগ কৰাৰ চেষ্টা কৰিছিল যদিও বিদায়ে বিভিন্ন সূত্ৰৰ জড়িয়তে আত্ম সমৰ্পণ নকৰে বুলি জনাই গোবিন্দ বসুমতাৰীয়ে । বিদাইৰ ওপৰত থকা কেইবাটাও অভিযোগৰ বাবে আত্মসমৰ্পন কৰাৰ পিছতো জেললৈ যোৱাৰ ভয়ত বিদায়ে আত্ম সমৰ্পন নকৰে । বিভিন্ন তথ্য আৰু সূত্ৰৰ পৰা পোৱা তথ্য মতে এই তথ্য সমূহ উল্লেখ কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে গোবিন্দ বসুমতাৰীয়ে । ইয়াৰোপৰি চৰকাৰ-এন ডি এফ বিৰ আলোচনা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে গুৰুত প্ৰদান কৰিছে বুলিও জনায় বসুমতাৰীয়ে ।

Intro:# বৰ্তমান মাত্ৰ ৩৫ জন মান সদস্যহে আছে এন ডি এফ বি (এছ)ত
#এন ডি এফ বিৰ সংবিজিত গোট এতিয়া অস্তিত্বহীন
# এন ডি এফ বিৰ প্ৰতিষ্ঠা দিৱসত গোবিন্দ বসুমতাৰীৰ বিস্ফোৰক মন্তব্য
#এন ডি এফ বি (স) সভাপতি ম্যানমাৰৰ জেল থকাৰ সন্দেহ
Body:

এন ডি এফ বিৰ সংবিজিত গোট এতিয়া অস্তিত্বহীন তেওলোক কেৱল এতিয়া কাগজৰ বাঘ। গোটটোৰ সভাপতিৰ দায়িত্বত থকা চাউৰাংগ্ৰায়ো এতিয়া ম্যানমাৰৰ জেলত থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমান এন ডি এফ (স) ৰ মাত্ৰ ৩৫ জন মানহে সদস্য আছে- এই বিস্ফোৰক মন্তব্য এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীৰ। ওদালগুৰিৰ সাপখাইটিত থকা এন ডি এফ বি প্ৰগতিশীলৰ ডেজিগনেটেড শিৱিৰত আজি অনুষ্ঠিত হোৱা এন ডি এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই বিস্ফোৰক মন্তব্য কৰে বসুমতাৰীয়ে। বসুমতাৰীয়ে লগতে জনাই যে- এন ডি এফ বি সংবিজিৎ গোটৰ প্ৰথম অৱস্থাত প্ৰায় ২০০ জন মান কেডাৰ আছিল যদিও তাৰে বেছি সংখ্যকে এতিয়া ম্যানমাৰ আৰু অসমৰ জেলত আছে। বৰ্তমান সংবিজিত কত আছে এই সন্দৰ্ভটো নাই কোনো নিশ্চিত খবৰ।
বৰ্তমান ম্যানমাৰত ২০ জন মান কেডাৰ থকাৰ লগতে ভূটান-অসম সীমান্তত ১৫-২০ জন মান সদস্য আছে এন ডি এফ বি (স)ৰ। অৱশ্যে এই সদস্য সকলো বৰ্তমান সংগঠিত নহয় বুলি জনাই বসুমতাৰীয়ে। এন ডি এফ বি সংবিজিত গোট আৰু সংগঠিত হৈ কাম কৰাৰ সম্ভাৱনাও দেখা নাই বুলিও
জনাই বসুমতাৰীয়ে। আনহাতে ভাৰত চৰকাৰৰ সৈতে সংবিজিৎ গোটৰ আলোচনাত সন্দৰ্ভত বসুমতাৰীয়ে জনাই যে সংবিজিৎ গোটৰ লগত ভাৰত চৰকাৰে সুকীয়াকৈ অস্ত্ৰ বিৰতি চুক্তি নকৰে । যদি তেও লোকে আলোচনাত আহে তেন্তে আত্মসমৰ্পণ কৰিব লাগিব - এই কথা ভাৰত চৰকাৰে জনোৱা বুলি কয় গোবিন্দ বসুমতাৰীয়ে। এসময়ত আৰক্ষী- সেনাৰ বাবে মূৰৰ কামোৰনি হৈ পৰা এন ডি এফ বি (এছ)ৰ দূধৰ্ষ নেতা বি বিদাই সন্দৰ্ভতো কেটবোৰ বিস্ফোৰক তথ্য জনাই গোবিন্দ বসুমতাৰীয়ে। বৰ্তমান ভূটান সীমান্ত অঞ্চল সমূহত আশ্ৰয় লৈ থকা বি বিদাইৰ লগত এন ডি এফ বি প্ৰগতিশীলে যোগাযোগ কৰাৰ চেষ্টা কৰিছিল যদিও বিদায়ে বিভিন্ন সুত্ৰৰ জড়িয়তে আত্ম সমৰ্পণ নকৰে বুলি কৈছে বুলি জনাই গোবিন্দ বসুমতাৰীয়ে। বিদাইৰ ওপৰত থকা কেইবাটাও অভিযোগৰ বাবে আত্মসমৰ্পন কৰাৰ পিছতো জেল খোৱাৰ ভয়ত বিদায়ে আত্ম সমৰ্পন নকৰে । লাগিলে জংঘলতে মৰিব কিন্তু বিদায়ে আত্মসমৰ্পন কৰাৰ আশংকা নাই। বিভিন্ন তথ্য আৰু সুত্ৰৰ পৰা পোৱা তথ্য মতে এই তথ্য সমূহ উল্লেখ কৰা হৈছে বুলি সাংবাদিকক কয় গোবিন্দ বসুমতাৰীয়ে। আনহাতে বৰ্তমান এন ডি এফ বি চাৰি ভাগত বিভক্ত হোৱা সন্দৰ্ভত বসুমতাৰীয়ে কয় যে পূৰ্বতেও আদৰ্শগত কাৰণত এন ডি এফ বি বিভাজিত হৈছিল আৰু পিছলৈ পুনৰ একত্ৰিত হৈছিল। অৱশ্যে এইবাৰ ধীৰেন বড়োই কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবে এন ডি এফ বি প্ৰগতিশীলক বিভাজন কৰিছে বুলি কয় বসুমতাৰীয়ে। বসুমতাৰীয়ে লগতে চৰকাৰ - এন ডি এফ বিৰ আলোচনা নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ দিনত গুৰতত্ব প্ৰদান কৰাৰ বুলিও জানিব দিয়ে।

Byte- Gavinda BASUMATARY . president NDFB PConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.