ETV Bharat / state

ৰাজ্যত বানৰ সংহাৰ: গোৰেশ্বৰত বানে উটুৱাই নিলে দলং

author img

By

Published : May 17, 2022, 9:29 PM IST

ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (Flood situation become critical in Assam) ৷ প্ৰায় ২০ খন জিলাৰ ৬৫২ খন গাঁও সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হৈ পৰিছে ৷ নৈ-উপনৈৰ বুকু উফন্দি উঠাৰ ফলত বাঢ়নী পানীয়ে উটুৱাই নিছে ইখনৰ পাছত সিখনকৈ দলং ।

flood situation become critical in tamulpur
বানৰ সংহাৰ: গোৰেশ্বৰত বানে উটুৱাই নিলে দলং

তামুলপুৰ,১৭ মে': ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি(Flood situation become critical in Assam) ৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ ব্ৰহ্মপুত্ৰকে ধৰি প্ৰায়সমূহ নৈ-উপনৈ বৈছে বিপদসীমাৰ ওপৰৰে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(ASDM) ৰ তথ্য অনুসৰি, বানত ক্ষতিগ্ৰস্ত জিলা আৰু গাঁৱৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ গৈ আছে ৷

উজনিৰ প্ৰায়কেইখন জিলাৰ লগতে নামনিতো বানৰ সংহাৰী ৰূপ । বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ ফলত বহিঃবিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈছে বহু অঞ্চলৰ (Flood in Assam) ৷ অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ পানীয়ে ৰাজ্যত বাৰিষাৰ প্ৰথমটো বানৰ সৃষ্টি কৰিছে (First wave Assam floods affects 6 districts) ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে তামুলপুৰতো । তামুলপুৰৰ গোৰেশ্বৰত বিপদসীমাৰ ওপৰেৰে বৈছে শুক্লাই নৈ । শুক্লাই নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে ইখনৰ পাছত সিখনকৈ দলং । পুনৰ মঙলবাৰৰ দিনটোতো গোৰেশ্বৰত বানে উটুৱাই নিলে দলং । ভূটানৰ পৰা বৈ অহা শুক্লাই নদীৰ বাঢ়নী পানীয়ে ভাঙিলে গোৰেশ্বৰৰ দীঘপাৰ মাদলবাৰী সংযোগী কাঠৰ দলংখন ।

কাঠৰ দলংখন ভাঙি পৰাৰ ফলত সংযোগ বিচিন্ন হৈছে বহুকেইখন গাঁৱৰ মাজত । ইতিমধ্যে কাঠৰ দলঙৰ কাষতে পকী দলং নিৰ্মাণ কৰি আছিল যদিও ঠিকাদাৰৰ মইমতালিত যোৱা ৫ বছৰে দলংখন সম্পূৰ্ণ নকৰাৰাৰ অভিযোগ ৰাইজৰ । আজি পুৱাৰ ভাগত বৃহত্তৰ অঞ্চলবাসীৰ একমাত্ৰ ভৰষা কাঠৰ দলংখন শুক্লাই নদীৰ কোৱাল সোঁতত উটি যোৱাত ভীষণ সমস্যাত পৰিছে কেইবাটাও অঞ্চলৰ ৰাইজ ।

শীঘ্ৰেই এখন দলং অথবা গাঁওকেইখনৰ মাাজত যোগাযোগৰ এক সুগম ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে । কিয়নো ভয়াৱহভাৱে জলস্তৰ বৃদ্ধি হোৱা শুক্লাই নদী পাৰ হোৱাতো বৰ্তমান এক ভয়ংকৰ প্ৰত্যাহ্বান গাঁওবাসীৰ বাবে । লগতে পকী দলঙৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ ওপৰত এক তদন্তও দাবী কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে ।

লগতে পঢ়ক: মৰা পাগলদিয়া-বুঢ়াদিয়াৰ বানত প্লাৱিত পশ্চিম নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.