ETV Bharat / state

অবৈধ বিদেশী ঘোষিত ওদালগুৰিৰ এটি পৰিয়ালক ভাৰতীয় ঘোষণা

নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ সময়ত অবৈধ বিদেশী বুলি ঘোষণা কৰিছিল ওদালগুৰিৰ চাৰিজনীয়া এটা ইছলাম ধৰ্মীয় পৰিয়ালক ৷ বিদেশী ন্যায়াধীকৰণৰ সেই ঘোষণা পাছত 2019 চনৰ জুন মাহৰ পৰা ডিটেনশ্বন কেম্পত আটক থকাৰ পাছত অৱশেষত তেওলোকে মুক্তি লাভ কৰে ৷

fater-18-months-in-detention-centre-foreighn-tribunal-declared-indian-to-four-muslim-assam
অবৈধ বিদেশী ঘোষিত ওদালগুৰিৰ এটি পৰিয়ালক ভাৰতীয় ঘোষণা
author img

By

Published : Jan 1, 2021, 10:28 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰী : অসমৰ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ সময়ত অবৈধ বিদেশী বুলি ঘোষণা কৰা হৈছিল এটা চাৰিজনীয়া ইছলাম ধৰ্মীয় পৰিয়ালক ৷ অসমৰ ওদালগুৰি জিলাৰ লডং গাঁৱৰ সেই চাৰিজনীয় পৰিয়ালটো হ‘ল ক্ৰমে মুহাম্মদ নুৰ হুছেইন (34), তেওৰ স্ত্ৰী সাবেৰা বেগম (26) আৰু তেওঁলোকৰ দুই কন্যা ৷ বিদেশী ন্যায়াধীকৰণৰ সেই ঘোষণা পাছত 2019 চনৰ জুন মাহৰ পৰা ডিটেনশ্বন কেম্পত আটক থকাৰ পাছত অৱশেষত তেওঁলোকে মুক্তি লাভ কৰে ৷

জানিব পৰা মতে, বিদেশী ন্যায়াধীকৰণে তেওঁলোকক বিদেশী ঘোষণা কৰাৰ পাছত তেওঁলোকে বিদেশী ন্যায়াধীকৰণৰ সেই ৰায়ৰ পুনৰ বিবেচনাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণক বিষয়টো পুনৰ বিবেচনাৰ বাবে নিৰ্দেশ দিয়ে ৷ ইয়াৰ পাছতে পুনৰ বিবেচনাত বিদেশী ন্যায়াধীকৰণে সেই চাৰিগৰাকী লোকক ভাৰতীয় নাগৰিক হিচাপে ৰায়দান দিয়ে ৷ যাৰ পাছতে তেওঁলোকে ডিটেনশ্বন কেম্পৰ পৰা মুক্তি লাভ কৰে ৷

লগতে পঢ়ক: বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.