শিৱসাগৰত খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ দাবীত গণ প্ৰতিবাদী কাৰ্যসূচী - SIVASAGAR PROTEST

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 3:40 PM IST

শিৱসাগৰ : শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত ২৫ টাৰো অধিক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ গণ প্ৰতিবাদী কাৰ্যসূচী । সদৌ তাই আহোম ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা, আহোম জাতীয় গণ মঞ্চ, জাতীয় সংগ্ৰামী সেনাকে আদি কৰি সংগঠনসমূহে ৰূপায়ণ কৰে এই গণ প্ৰতিবাদী কাৰ্যসূচী ।

প্ৰতিবাদত কেইবাটাও অনা অসমীয়া সংগঠনেও অংশগ্ৰহণ কৰে । খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক তথা অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বিদেশী বিতাড়ন, ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন আদি বিভিন্ন দাবী শীঘ্ৰে কাৰ্যত পৰিণত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

আনহাতে, দাবীসমূহ শীঘ্ৰেই গ্ৰাহ্য নহ'লে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় দলক সমূচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ জাতীয় তথা জনগোষ্ঠীয় সংগঠনসমূহৰ ।

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত জুই
লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়-তিনিচুকীয়াত ১২ ঘণ্টীয়া বন্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.