ETV Bharat / state

ওদালগুৰি আৰক্ষীৰ উদ্যোগত ফাতেহা দোৱোজ দহম - ওদালগুৰি আৰক্ষী বাতৰি

ওদালগুৰি আৰক্ষী চাউনিত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ল ইছলামসকলৰ ‘ফাতেহা দোৱাজ দহম’ অনুষ্ঠান ৷ আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, বক্তৃতাৰ লগতে জিকিৰ আৰু কোৰাণ পাঠ অনুষ্ঠিত কৰে ওদালগুৰি আৰক্ষী প্ৰশাসনে ৷

ওদালগুৰি আৰক্ষীৰ উদ্যোগত উদযাপিত হ’ল ফাতেহা দোৱোজ দহম
author img

By

Published : Nov 12, 2019, 11:04 PM IST

ওদালগুৰি, 12 নৱেম্বৰঃ ওদালগুৰি আৰক্ষীৰ উদ্যোগত ওদালগুৰি আৰক্ষী চাউনিত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ল ইছলামসকলৰ ‘ফাতেহা দোৱাজ দহম’ অনুষ্ঠান ৷ এই পৱিত্ৰ অনুষ্ঠানক কেন্দ্ৰ কৰি সোমবাৰে উখল-মাখল হৈ পৰে ওদালগুৰি ৷ জিকিৰ-জাৰীৰ লগতে কোৰাণৰ বিভিন্ন বাণীৰে মুখৰিত হৈ পৰে আৰক্ষী চাউনীৰ চৌপাশ ৷

উল্লেখ্য যে, বিভিন্ন জাতি-জনগোষ্ঠী তথা ধৰ্মাৱলম্বীৰ লোকৰ মাজত একতা আৰু ভাতৃত্ববোধ স্থাপনৰ উদ্দেশ্যৰে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ওদালগুৰি আৰক্ষী প্ৰশাসনে ৷ আজিৰ এই ফাতেহা দোৱাজ দহম অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, বক্তৃতাৰ লগতে জিকিৰ আৰু কোৰাণ পাঠ অনুষ্ঠিত কৰে আৰক্ষী প্ৰশাসনে ৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠন তথা ৰাইজে অংশগ্ৰহণ কৰে ফাতেহা দোৱাজ দহম অনুষ্ঠানত ৷ অনুষ্ঠানত উপস্থিত থাকি সকলোৱে জিলা প্ৰশাসনক ধন্যবাদ জনোৱাৰ লগতে ইছলাম যে এটা শান্তিৰ ধৰ্ম ইয়াৰ বাখ্যা কৰে ৷

ওদালগুৰি আৰক্ষীৰ উদ্যোগত ফাতেহা দোৱোজ দহম

আজিৰ এই ফাতেহা দোৱাজ দহম অনুষ্ঠানত ওদালগুৰি আৰক্ষী অধীক্ষক লংনিত তেৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক মায়ং কুমাৰ, উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামৰ লগতে কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়াৰ লগতে সংগঠনৰ নেতা উপস্থিত থাকে ৷

Intro:ওদালগুৰি আৰক্ষী প্ৰশাসনৰ উদ্যোগত ওদালগুৰি আৰক্ষী চাউনীত প্ৰথম বাৰলৈ অনুষ্ঠিত কৰা হ'ল ইছলাম সকলৰ 'ফাতেহা দোৱোজ দহম অনুষ্ঠান

এই প্ৰৱিত্ৰ অনুষ্ঠানকলৈ সোমবাৰে উখল মাখল হৈ পৰিল ওদালগুৰি। জিকিৰ- জাকিৰৰ লগতে কোৰানৰ বিভিন্ন বাণীৰে মূখৰিত হৈ পৰিল ওদালগুৰিৰ আকাশ বতাহ। Body:বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্ম - ধৰ্মাম্বলী লোকৰ মাজত একতা আৰু ভাতৃত্ববোধ স্থাপনৰ উদ্দশ্যৰে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ওদালগুৰিৰ আৰক্ষী প্ৰশাসনে। এইবাৰ ওদালগুৰি আৰক্ষী প্ৰশাসনৰ উদ্যোগত ওদালগুৰি আৰক্ষী চাউনীত প্ৰথম বাৰলৈ অনুষ্ঠিত কৰা হ'ল ইছলাম সকলৰ 'ফাতেহা দোৱোজ দহম অনুষ্ঠান। এই প্ৰৱিত্ৰ অনুষ্ঠানকলৈ সোমবাৰে উখল মাখল হৈ পৰিল ওদালগুৰি। জিকিৰ- জাকিৰৰ লগতে কোৰানৰ বিভিন্ন বাণীৰে মূখৰিত হৈ পৰিল ওদালগুৰিৰ আকাশ বতাহ। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা , বক্তৃতা অনুষ্ঠান, জিকিৰ ও কেৰাৎ পাঠ আদিও অনুষ্ঠিত কৰে আৰক্ষী প্ৰশাসনে। আৰক্ষী প্ৰশাসনৰ এই অনুষ্ঠানকৈ ব্যাপক সহাৰি দেখা গল সকলোৰে মাজত। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠন তথা ৰাইজে অংশ ললে ফাতেহা দোৱোজ দহম অনুষ্ঠানত। অনুষ্ঠানত উপস্থিত থাকি সকলোৱে জিলা প্ৰশাসনক ধন্যবাদ জনোৱাৰ লগতে ইছলাম যে এটা শান্তিৰ ধৰ্ম ইয়াৰ বাখ্যা কৰে। ইছলাম ধৰ্মক একাংশই ভালকৈ পালন নকৰি ইয়াৰ বিকৃৰ ৰূপ দিছে যাৰ বাবে ইছলাম বিভিন্ন সময়ত বদনামী হ'ব লগা হৈছে বুলিও ইছলাম ধৰ্মীয় গুৰু তথা সংখ্যালঘূ সকলে দুখ প্ৰকাশ কৰে। এই অনুষ্ঠানত ওদালগুৰি আৰক্ষী অধীক্ষক লংনিত তেৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক মায়ং কুমাৰ , উপ আৰক্ষী অধীক্ষক মইদুল ইছলামৰ লগতে বহু কেইজন জ্যেষ্ঠ আৰক্ষী বিষয়া , ৰাজহ চক্ৰ বিষয়া, সংগঠনৰ নেতা উপস্থিত থাকে।

Byte - SP
BYTE - MINORITY LEADERConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.