ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : ওদালগুৰিত কাৰ্যালয় চাফাইত নামিল উপায়ুক্ত

author img

By

Published : Oct 12, 2019, 1:05 PM IST

Updated : Oct 12, 2019, 1:14 PM IST

ওদালগুৰিত ইটিভি ভাৰতৰ বাতৰিয়ে দেখুৱালে বাট ৷ নৱ-নিযুক্ত উপায়ুক্তৰ তৎপৰতাত চাফাই অভিযান চলিল উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত ৷

চাফা হ'ল ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়

ওদালগুৰি,12 অক্টোবৰ: স্বচ্ছতাৰ প্ৰভাৱ পৰিল ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত । কিছুদিন পূৰ্বে ইটিভি ভাৰতে কাৰ্যালয়টোৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাতৰি প্ৰচাৰ কৰিছিল । অৱশেষত জিলাখনৰ নতুন উপায়ুক্ত হিচাপে যোগদান কৰা প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ নেতৃত্বত চাফাই অভিযান চলিল উপায়ুক্তৰ কাৰ্যালয় চৌহদত ৷ শনিবাৰে পুৱা ৭:৩০ বজাৰ পৰা এই চাফাই অভিযানত নিজে নামি পৰিল ওদালগুৰি জিলাৰ উপায়ুক্তগৰাকী । জিলাখনৰ অতিৰিক্ত উপায়ুক্ত যতীন বৰা, সহকাৰী আয়ুক্ত মিনাক্ষী বৈশ্য, দেবাশীষ বৰঠাকুৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই উপায়ুক্তগৰাকীক এই কাৰ্যত সংগ দিয়ে।

ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত স্বচ্ছতাৰ কাৰ্যসূচী

স্বচ্ছতাৰ অভিযানত অংশ গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে পৰিৱেশ পৰিস্কাৰ হৈ থাকিলে মনটোও পৰিস্কাৰ হৈ থাকে বুলি মন্তব্য কৰে । উল্লেখ্য যে, উপায়ুক্তৰ কাৰ্যালয়টোৰ চৌদিশে তামোলৰ পিক,প্লাষ্টিকৰ বটলকে ধৰি অন্যান্য মাদক দ্ৰব্যৰ বটলেৰে ভৰি পৰাৰ লগতে কাৰ্যালয়ৰ ভৱনসমূহৰ চৌদিশ চাফ-চিকুণ নকৰাত বন-জংঘলেৰে ভৰি পৰা বাতৰি কিছুদিন পূৰ্বে ইটিভি ভাৰতৰ প্ৰচাৰ কৰা হৈছিল । ইয়াৰ লগতে কাৰ্যালয়টোৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ শোচনীয় অৱস্থা, উপযুক্ত পানীৰ ব্যৱস্থা নথকা ডাষ্টবিন নথকা আদি বাতৰিও প্ৰকাশ হৈছিল ইটিভি ভাৰতত ৷

অৱশ্যে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ সমস্যা সমূহ বৰ্তমান সমাধান হোৱা নাই যদিও নতুন উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব বুলি আশা কৰিছে স্থানীয় ৰাইজে ।

Intro:ইটিভি ভাৰতত বাতৰিৰ পিছতে স্বচ্ছতাৰ প্ৰভাৱ পৰিল ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত

আজি পুৱা ৭:৩০ বজাৰ পৰা এই চাফাই অভিযানত নিজে নামি পৰিল ওদালগুৰিৰ উপায়ুক্ত গৰাকী।

উপায়ুক্ত গৰাকীক সংগ দিয়ে বহু কেইজন বিষয়াই।Body:
অৱশেষত স্বচ্ছতাৰ প্ৰভাৱ পৰিল ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত। কাৰ্যালয়টোৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাতৰি কিছু দিন পূৰ্বে প্ৰচাৰ হৈছিল ইটিভি ভাৰতত। অৱশেষত শুক্ৰবাৰে জিলা খনৰ নতুন উপায়ুক্ত হিচাপে যোগদান কৰা প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ নেতৃত্বত চাফাই অভিযান চলিল উপায়ুক্তৰ কাৰ্যালয় চৌহদত। আজি পুৱা ৭:৩০ বজাৰ পৰা এই চাফাই অভিযানত নিজে নামি পৰিল ওদালগুৰিৰ উপায়ুক্ত গৰাকী। উপায়ুক্ত গৰাকীক সংগ দিয়ে জিলা খনৰ অতিৰিক্ত উপায়ুক্ত যতীন বৰা, সহ আয়ুক্ত মিনাক্ষী বৈশ্য, দেবাশীষ বৰঠাকুৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই।
স্বচ্ছতা অভিযানত অংশ গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে পৰিৱেশ পৰিস্কাৰ হৈ থাকিলে মনটোও পৰিস্কাৰ হৈ থাকে বুলি মন্তব্য কৰে। উল্লেখ যে
উপায়ুক্তৰ কাৰ্যালয়টোৰ চৌদিশে তামোলৰ পিক,প্লাষ্টিকৰ বটলকে ধৰি অন্যান্য মাদক দ্ৰব্যৰ বটলেৰে ভৰি পৰাৰ লগতে কাৰ্যালয়ৰ ভৱনসমূহৰ চৌদিশ চাফ-চিকুণ নকৰাত বন-জংঘলেৰে ভৰি পৰা বাতৰি কিছুদিন পূৰ্বে ইটিভি ভাৰতৰ প্ৰচাৰ কৰা হৈছিল। ইয়াৰ লগতে কাৰ্যালয়টোৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ শোচনীয় অৱস্থা, উপযুক্ত পানীৰ ব্যৱস্থা নথকা ডাষ্টবিন নথকা আদি বাতৰিও প্ৰকাশ হৈছিল ইটিভি ভাৰতত। অৱশ্যে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ সমস্যা সমূহ বৰ্তমান সমাধান হোৱা নাই যদিও নতুন উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লব বুলি আশা কৰিছে স্থানীয় ৰাইজে।

Byte - DCConclusion:
Last Updated : Oct 12, 2019, 1:14 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.