ওদালগুৰি , 9 অক্টোবৰঃ হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা ওদালগুৰিত পুনৰ মৃত্যুক সাৱতিলে এটা বনৰীয়া হাতীয়ে । বুধবাৰে পুৱা প্ৰায় ৬:৩০ বজাত জিলা খনৰ ভাৰত-ভূটান সীমান্তৰ ১ নং ভোলাটাৰত বন্যহস্তীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বিভাগৰ লোক আহি হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ আৰম্ভ কৰে । আনহাতে, হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোবা নাই যদিও হাতীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
সীমান্ত অঞ্চলত খেতি পথাৰ সমূহ হাতীৰ পৰা ৰক্ষা কৰিবলৈ একাংশ লোকে অবৈধ্য ভাৱে বিদ্যুৎ সংস্থাপন কৰাৰ ফলত পূৰ্বতেও কেইবাটাও হাতীৰ লগতে মানুহৰো মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে । কিন্তু বন বিভাগৰ ব্যৰ্থতা আৰু একাংশ লোকৰ ভুলৰ বাবেই জিলা খনত পুনৰ সংঘটিত হ'ব পালে এনে ঘটনা । উল্লেখ্য যে, ওদালগুৰিত চলিত বৰ্ষত ১৮ জন লোক হাতীৰ আক্ৰমণৰ মৃত্যু হোৱাৰ লগতে বিভিন্ন কাৰণত মৃত্যু হৈছে ৪ টাকৈ হাতীৰ ।
লগতে পঢ়কঃ-মণিপুৰৰ ম'ৰেত ভাৰত-ম্যানমাৰ সীমান্ত ছীল আছাম ৰাইফলছৰ