ETV Bharat / state

ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী

author img

By

Published : Nov 23, 2020, 8:15 PM IST

প্ৰাপ্যৰ দাবীত ওদালগুৰিৰ হাতীগড়ত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী। জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ পৰিৱৰ্তে বাগিচাৰ শ্ৰমিকক ধনৰ লোভ দেখুৱাই ভোট ক্ৰয় কৰিব বিচাৰিছে বুলিও বিজেপি চৰকাৰক সমালোচনা কৰে।

darrang protest by assa
darrang protest by assa

ওদালগুৰি, ২৩ নৱেম্বৰ: বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ওদালগুৰিত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ আদিবাসী ছাত্ৰ সন্থা। আদিবাসী লোকসকলক চৰকাৰে মাহী আইৰ দৃষ্টিৰে চাইছে বুলি ক্ষোভ উজাৰে সংগঠনটোৰ নেতৃত্বই। সোমবাৰে ওদালগুৰিৰ হাতীগড়ত গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ আদিবাসী ছাত্ৰ সন্থাই। হাজাৰ হাজাৰ আদিবাসী লোকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত।

জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ বাবে আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিন দাবী জনাই অহাৰ পিছতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সংগঠনটো। বিজেপি আৰু ইউ পি পি এলক একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলি মন্তব্য কৰি বিটিচিত বিপিএফ দলক মুকলিকৈ সমৰ্থন আগবঢ়োৱাৰ কথাও স্পষ্ট কৰে সংগঠনটোৰ সভাপতি প্ৰদীপ নাগে।

ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থাৰ গণ হুংকাৰ কাৰ্যসূচী

লগতে আদিবাসীসকলে ভূমি লাভৰ অধিকাৰৰ পৰা চৰকাৰে বঞ্চিত কৰিছে বুলি অভিযোগ তোলে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি সমাগত বিটিচি নিৰ্বাচনত বিপিএফ দলক ভোট দিবলৈ আদিবাসী ৰাইজক মুকলিকৈ আহ্বান জনায় সভাপতিগৰাকীয়ে। ন' এচ টি ন' ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, আদিবাসীক প্ৰতাৰণা কৰা নচলিব আদি শ্ল'গানেৰে হাতীগড়ৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে৷

লগতে পঢ়ক:কলিয়াবৰ পৰ্যটনৰ ক্ষেত্ৰত প্ৰশিক্ষণ শিৱিৰ স্থাপন কৰিছে টুৰিষ্ট গাইডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.