ETV Bharat / state

3 মাহৰ ভিতৰত ওলাব কৰ'ণাৰ ভেকচিনঃআশাবাদী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা - কোৱাৰেণ্টাইন চেণ্টাৰ

ওদালগুৰি জিলাত কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰাখিব পৰা ব্যৱস্থা কম হোৱা বাবে 36 ঘন্টাৰ ভিতৰত নমুনাৰ পৰীক্ষাৰ ফলাফলৰ ব্যৱস্থা কৰি হোম কোৱাৰেণ্টাইনত তেওঁলোকক থাকিবলৈ দিয়া হ'ব বুলি প্ৰকাশ কৰে ৷ ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে ওদালগুৰিত সুকীয়াকৈ COVID-১৯ চিকিৎসালয় নিৰ্মাণৰ পৰিৱৰ্তে ওদালগুৰিত আই চি ইউ বেডৰ ব্যৱস্থা ১৫ খনলৈ বৃদ্ধি কৰাৰ কথা সদৰি কৰে।

COVID 19 vaccine will come with in 3  months says Dr. Himanta biswa sarma
3 মাহৰ ভিতৰত ওলাব কৰ'ণাৰ ভেকচিন ঔষধঃআশাবাদী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : May 29, 2020, 8:10 PM IST

ওদালগুৰি,29মে': আজি ওদালগুৰিৰ ৰৌতাত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা।মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে ওদালগুৰি জিলা প্ৰশাসনে কৰ'ণা ভাইৰাছ সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ তথা সমস্যাৰ বিষয়ে আলোচনা কৰে। ওদালগুৰিৰ ৰৌতা চাৰিআলিৰ ৰাইনো হোটেলত অনুষ্ঠিত সভাত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা ,বিধায়ক চৰন বড়ো , বিধায়ক গুৰুজ্যোতি দাস, সাংসদ বিশ্বজিৎ দৈমাৰী লগতে সাংসদ দিলীপ শইকীয়াও অংশগ্ৰহণ কৰে ৷

3 মাহৰ ভিতৰত ওলাব কৰ'ণাৰ ভেকচিনঃআশাবাদী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

আলোচনাৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে ওদালগুৰি জিলাত কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰাখিব পৰা ব্যৱস্থা কম হোৱা বাবে 36 ঘন্টাৰ ভিতৰত নমুনাৰ পৰীক্ষাৰ ফলাফলৰ ব্যৱস্থা কৰি হোম কোৱাৰেণ্টাইনত তেওঁলোকক থাকিবলৈ দিয়া হ'ব বুলি প্ৰকাশ কৰে ৷ ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে ওদালগুৰিত সুকীয়াকৈ COVID-১৯ চিকিৎসালয় নিৰ্মাণৰ পৰিৱৰ্তে ওদালগুৰিত আই চি ইউ বেডৰ ব্যৱস্থা ১৫ খনলৈ বৃদ্ধি কৰাৰ কথা সদৰি কৰে।আনহাতে তিনি মাহৰ ভিতৰত ক'ৰণা ভাইৰাছৰ ভেকচিন ওলাব বুলিও মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰি মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলিলে কৰ'ণা লৈ ৰাইজে ভয় কৰাৰ কোনো কাৰণ নাই বুলিও মন্তব্য কৰে ।

আলোচনা সভাত উপস্থিত থাকি মন্ত্ৰী ৰিহন দৈমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে,সভাত জিলাখনৰ আন্তঃগাঁথনি সন্দৰ্ভত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰোৱা হয় ৷ ইয়াৰ উপৰিও ড0 হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বাবে প্ৰয়োজনীয় সকলো সহযোগিতাৰো প্ৰতিশ্ৰুতি দিয়ে বুলি মন্ত্ৰী ৰিহন দৈমাৰীয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়কঃলাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.