ETV Bharat / state

অসাধু সাৰ ব্যৱসায়ীক সকিয়নী বিজেপি নেতাৰ - Shortage of subsidized urea fertilizers

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজসাহাৰ্য্য যুক্ত ইউৰিয়া সাৰৰ ব্যাপক নাটনিয়ে দেখা দিছে(Shortage of subsidized urea fertilizers) । ইয়াৰ মাজতে একাংশ ব্যৱসায়ীয়ে অধিক দামত কৃষকক বিক্ৰী কৰে ৰাজসাহাৰ্য্য যুক্ত ইউৰিয়া সাৰ(Sells subsidized urea fertilizers at higher prices) । ওদালগুৰিত তেনে এক দুষ্টচক্ৰক সকিয়নী প্ৰদান কৰে বিজেপি নেতাই(BJP leader warns of fertiliser traders) ।

bjp leader warns of fertiliser traders
অসাধু সাৰ ব্যৱসায়ীক সকিয়নী বিজেপি নেতাৰ
author img

By

Published : Sep 12, 2022, 2:16 PM IST

ৰৌতা,১২ চেপ্তেম্বৰ: এহাতে ৰাজ্যত ৰাজসাহাৰ্য্য যুক্ত ইউৰিয়া সাৰৰ ব্যাপক নাটনি অন্যহাতে দুগুণ দামত ইউৰিয়া সাৰ বিক্ৰী একাংশ কলা ব্যৱসায়ীৰ(Shortage of subsidized urea fertilizers) । শেহতীয়াকৈ ৰাজ্যৰ সৰ্বত্ৰে ২৬৬ টকাৰ ৰাজ সাহাৰ্য্য যুক্ত ইউৰিয়া সাৰ একাংশ দোকানীয়ে ৫০০-৭০০ টকাকৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে(Sells subsidized urea fertilizers at higher prices) ।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অকৰ্মণ্য কৃষি বিভাগে চকুমুদা কুলিৰ ভাওঁ দিয়াৰ সময়তে বজাৰ মূল্যতকৈ অধিক হাৰত সাৰ বিক্ৰী কৰা অসাধু ব্যৱসায়িক কঠোৰ সকিয়নী প্ৰদান কৰিছে বিজেপিৰ কিষাণ মৰ্চাই । কৃষকক মাধমাৰ শোধাই ৰাজ সাহায্যযুক্ত ইউৰিয়া সাৰৰ কলা ব্যৱসায় চলোৱা অসাধু ব্যৱসায়ীক কিষাণ মৰ্চাই আইনীভাৱে শাস্তি দিয়াৰ সকিয়নী প্ৰদান কৰে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ওদালগুৰি জিলা বিজেপিৰ প্ৰভাৰী প্ৰাণ কুমাৰ দাসে(BJP leader warns of fertiliser traders) ।

অহা ১৭ চেপ্তেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে ১৫ দিনীয়াকৈ সমগ্ৰ দেশজুৰি পালন কৰিবলগীয়া সেৱা পষেক কাৰ্যসূচী সফল ৰূপায়নৰ বাবে ওদালগুৰি জিলাৰ মাজবাটত অনুষ্ঠিত জিলা বিজেপিৰ এক সাংগঠনিক আলোচনা সভাত অংশগ্ৰহন কৰি এইদৰে মন্তব্য কৰে দাসে । নেতা গৰাকীয়ে জিলা বিজেপিৰ কৰ্মকৰ্তা ও কিষাণ মৰ্চাৰ কৰ্মী সকলকো কৃষকক মাধমাৰ শোধাই ৰমৰমীয়া ব্যৱসায় চলোৱা অসাধু ব্যৱসায়ীৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈও আহ্বান জনায় ।

সমান্তৰালকৈ এনেবোৰ দুৰ্নীতিৰ বিৰুদ্ধে কৃষক সকলকো সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায় বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিগৰাকীয়ে । ইফালে ওদালগুৰি জিলা বিজেপিৰ প্ৰভাৰী প্ৰাণ কুমাৰ দাসক সংগ দিয়ে সহঃ প্ৰভাৰী অপৰাজিতা ভূঞায় ।

লগতে পঢ়ক: বিধ্বংসী ধুমুহাত বিদ্ধস্ত জোনাই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.