ETV Bharat / state

ওদালগুৰিত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ বিহু - ওদালগুৰি আৰক্ষী

আৰক্ষীৰ বিহুৰ অনুষ্ঠানত বিহু গীত গাই আনন্দত আত্মহাৰা আৰক্ষী অধীক্ষক লংনিত তেৰণ

বিহু অনুষ্ঠান আয়োজন ওদালগুৰি আৰক্ষীৰ
author img

By

Published : May 4, 2019, 12:56 PM IST

ওদালগুৰি, 04 মেঃ ওদালগুৰিৰ আৰক্ষী ৰিজাৰ্ভত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে আয়োজন কৰে বিহুৰ অনুষ্ঠান ৷ জনপ্ৰিয় কণ্ঠ শিল্পী ভৃগু কাশ্যপৰ স'তে একেলগে গীত পৰিৱেশন কৰে আৰক্ষী অধীক্ষক লংনিত তেৰণে ৷

বিহু অনুষ্ঠান আয়োজন ওদালগুৰি আৰক্ষীৰ

আৰক্ষী মানেই 24 ঘন্টাই ব্যস্ততা ৷ কি বিহু কি পূজা ব্যস্ততাৰ বাবে একোৱে উদযাপন কৰিবলৈ সুযোগ নাপাই আৰক্ষীয়ে ৷ অৱশেষত এই সুযোগটো আহিল ওদালগুৰিত কৰ্মৰত আৰক্ষীৰ সকললৈ ৷ এইবেলি প্ৰথমবাৰৰ বাবে ওদালগুৰিৰ আৰক্ষীয়ে বিহু অনুষ্ঠান আয়োজন কৰে ৷ এই বিহু অনুষ্ঠানত জনপ্ৰিয় কণ্ঠ শিল্পী ভৃগু কাশ্যপে গীত পৰিৱেশন কৰে ৷ ভৃগুৰ লগতে একেলগে গীত পৰিৱেশন কৰে আৰক্ষী অধীক্ষক লংনিত তেৰণে ৷ আৰক্ষী অধীক্ষক গৰাকীৰ কণ্ঠত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ জনপ্ৰিয় গীত শুনি অভিভূত হৈ পৰে দৰ্শকসকল ৷ আৰক্ষীৰ বিহু দেখি কণ্ঠ শিল্পী ভৃগু কাশ্যপো অভিভূত হৈ পৰে ৷ এয়াই নহয় বিহু নৃত্য প্ৰদৰ্শনো কৰিলে আৰক্ষীৰ একাংশ জোৱানে ৷ ইপিনে এই বিহু অনুষ্ঠানত আমন্ত্ৰণ কৰি অনা বিহু দলৰ লগতে বড়ো,কোচ ৰাজবংশী,ৰাভা, আদিবাসী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যয়ো অভিভূত কৰে দৰ্শকক ৷

আনহাতে কৌতুক অভিনেতা বিপুল ৰাভাৰ কৌতুক অভিনয়েও প্ৰাণ খুলি হাঁহিবলৈ সুযোগ দিলে আৰক্ষীৰ লোকসকলক ৷ ইয়াৰোপৰিও ওদালগুৰিৰ চাৰিজন বিশেষ ব্যক্তি ক্ৰমে বিশিষ্ট নাট্যকাৰ পবিত্ৰ ৰাভা, বিশিষ্ট চিত্ৰ শিল্পী ৰবি ৰাম ব্ৰহ্ম,আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ বিজয়ী কাৰাটে খেলুৱৈ চান্দিনী খাতুন আৰু বিশিষ্ট সংগীত শিল্পী ৰাম কৃষ্ণ দাসক আৰক্ষীয়ে সম্বৰ্ধনা জনায় ৷ আৰক্ষীৰ এই বিহু অনুষ্ঠানত ওদালগুৰিৰ জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ লগতে বহু কেইজন জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে ৷

Intro:প্ৰথম বাৰৰ বাবে বিহু অনুষ্ঠান আয়োজন কৰিলে ওদালগুৰিৰ আৰক্ষীয়ে। শুক্ৰবাৰে ওদালগুৰিৰ আৰক্ষী ৰিজাৰ্ভত আয়োজন কৰা বিহুৰ অনুষ্ঠানত বিহু গীত গাই আনন্দ কৰা দেখা গল জিলাৰ আৰক্ষী অধীক্ষক লংনিত তেৰাঙক। জন প্রিয় কণ্ঠ শিল্পী ভৃগু কাশ্যপৰ সৈতে একে লগে গীত গালে আৰক্ষী অধীক্ষক জনে।

Body:#for package

আৰক্ষী মানে ২৪ ঘণ্টাই ব্যস্ততা। কি বিহু কি পূজা একোৱে উদযাপন কৰিব সুযোগ নাপাই আৰক্ষীয়ে। কিন্তু আৰক্ষীৰো মন যায় পৰিয়ালৰ সৈতে বিহু পূজা আদি উদযাপন কৰিবলৈ। কিন্তু ৰাজ্যৰ পৰিস্থিতিয়ে এইবোৰৰ পৰা আঁতৰাই ৰাখে আৰক্ষীৰ। আৰক্ষীৰো আছে এটা সাংস্কৃতিক মন। আছে কিবা এটা কৰা হাবিয়াস। নিজৰ প্ৰতিভাক দেখুৱাবলৈ মন যে যায় আৰক্ষীৰো। মন যায় গান গাব। মন যায় নাচিবলৈ। কিন্তু ইয়াৰ বাবে সুযোগ নাপাই আৰক্ষীয়ে। অৱশেষত এই সুযোগটো আহিল ওদালগুৰিত কৰ্মৰত আৰক্ষীৰ সকললৈ। এইবাৰ প্ৰথম বাৰৰ বাবে বিহু অনুষ্ঠান আয়োজন কৰিলে ওদালগুৰিৰ আৰক্ষীয়ে। শুক্ৰবাৰে ওদালগুৰিৰ আৰক্ষী ৰিজাৰ্ভত আয়োজন কৰা বিহুৰ অনুষ্ঠানত বিহু গীত গাই আনন্দ কৰা দেখা গল ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক লংনিত তেৰাঙক। জনপ্রিয় কণ্ঠ শিল্পী ভৃগু কাশ্যপৰ সৈতে একে লগে গীত গালে আৰক্ষী অধীক্ষক জনে। আৰক্ষী অধীক্ষক গৰাকীৰ কণ্ঠত ভূপেন হাজৰিকাই বহাগ মাথোঁ এটি ঋতু নহয়, জুবিনে কণ্ঠ দিয়া নাজানো মন দোলে ফাগুণৰে বাহ আদি জনপ্ৰিয় গীত শুনি অভিভূত হৈ পৰিল দৰ্শক সকল। আৰক্ষীৰ বিহু দেখি অভিভূত হৈ পৰিল কণ্ঠ শিল্পী ভৃগু কাশ্যপো । এয়াই নহয় বিহু নৃত্য প্ৰদৰ্শনো কৰিলে আৰক্ষীৰ জোৱানে । এই বিহু অনুষ্ঠানত আমন্ত্ৰন কৰি অনা বিহু দলৰ লগতে বড়ো, কোচ ৰাজবংশী, ৰাভা, আদিবাসী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যয়ো অভিভূত কৰে দৰ্শকক । কৌতুক অভিনেতা বিপুল ৰাভাৰ কৌতুক অভিনয়েও প্ৰাণ খুলি হাঁহিব সুযোগ দিলে আৰক্ষী সকলক। কেৱল বিহুয়েই নহয়। ওদালগুৰিৰ চাৰিজন বিশেষ ব্যক্তি বিশিষ্ট নাট্যকাৰ পবিত্ৰ ৰাভা, বিশিষ্ট চিত্ৰ শিল্পী ৰবি ৰাম ব্ৰহ্ম , আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ বিজয়ী কাৰাটে খেলুৱৈ চান্দিনী খাতুন আৰু বিশিষ্ট সংগীত শিল্পী ৰাম কৃষ্ণ দাসক সম্বৰ্ধনা জনালে আৰক্ষীয়ে । স্বাভাৱিকতে আৰক্ষীৰ এই বিহু অনুষ্ঠানে আকৰ্ষিত কৰিলে বহু জনক। আৰক্ষীৰ প্ৰতিভা দেখি অভিভূত হল সকলো। । আৰক্ষীৰ এই বিহু অনুষ্ঠানত ওদালগুৰিৰ জিলাৰ উপযুক্ত দিলীপ কুমাৰ দাসৰ লগতে বহু কেইজন জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে।

byt - sp
byte Bipul rava
byte vregu

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.