ETV Bharat / state

ABSU conference: ৰৌতাত ABSU ৰ ৫৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

author img

By

Published : Dec 9, 2022, 8:13 PM IST

বড়োলেণ্ড শান্তি চুক্তিৰ প্ৰতিষ্ঠা দিৱসতে অনুষ্ঠিত হব এবছুৰ কেন্দ্ৰীয় অধিৱেশন । তাৰে ব্যাপক প্ৰস্তুতি চলিছে ৰৌতাত(Preparation for ABSU central conference) । ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে বড়োলেণ্ড পথাৰত শুকুৰবাৰে স্থাপন কৰা হয় কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা ।

ABSU conference to be held in Routa
ৰৌতাত ABSU ৰ ৫৫তম কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

ৰৌতা,৯ ডিচেম্বৰ: কৃষ্টিৰ পথাৰত আৰম্ভ হল শিক্ষা, প্ৰগতি আৰু শান্তিৰ আখৰা । ৰৌতাৰ বড়োলেণ্ড পথাৰত স্থাপন নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫ তম অধিবেশনৰ লাইখুঁটা । বড়োলেণ্ড শান্তি চুক্তিৰ প্ৰতিষ্ঠা দিৱসতে অনুষ্ঠিত হব এবছুৰ কেন্দ্ৰীয় অধিৱেশন । নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো আৰু BTRৰ কাৰ্যবাহী সদস্যৰ উপস্থিতিত স্থাপন হল লাইখুঁটা(Preparation for ABSU central conference) । ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে বড়োলেণ্ড পথাৰত শুকুৰবাৰে লাইখুঁটা স্থাপন কৰি আৰম্ভ কৰে অধিৱেশনৰ প্ৰস্তুতি(ABSU conference to be held in Routa) ।

অধিৱেশনৰ মূল মন্ত্ৰ হৈছে শিক্ষা, সংস্কৃতি, শান্তি আৰু প্ৰগতিৰ বতৰা । ২৭ জানুৱাৰীত প্ৰতিনিধি সভাত BTR শান্তি চুক্তি কাৰ্যকৰীকৰণৰ ওপৰত হ'ব আলোচনা । অধিৱেশনত উপস্থিত থাকিব কেন্দ্ৰীয় চৰকাৰৰ কেইবাজনো মন্ত্ৰী । গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব মুখ্য অতিথি হিচাপে । উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বহু কেইগৰাকী অসম চৰকাৰৰ প্ৰতিনিধি ।

ৰৌতাৰ বড়োলেণ্ড পথাৰত অহা জানুৱাৰী মাহৰ ২৬,২৭,২৮ আৰু ২৯ তাৰিখে অনুষ্ঠিত হব অধিবেশন । বিভিন্ন শ্ৰেণীৰ ৰাইজৰ উপস্থিতিত আজি লাইখুঁটা স্থাপন কৰি সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । নতুন শিক্ষা নীতিৰ ওপৰত চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ যাতে কোনো বিসংগতি নহয় তাৰ বাবে দৃষ্টিগোচৰ ৰাখি চৰকাৰৰ সৈতে আলোচনা কৰিব এবছুৱে ।

লগতে পঢ়ক: Fraud financial company: ভূৱা বিত্তীয় কোম্পানীৰ CEO সহ দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.